জলবায়ু পৰিবৰ্তনৰ ভয়ংকৰ পৰিণাম আৰু পুঁজিবাদী ব্যৱস্থা
বৰ্তমানলৈকে মহাকাশত একমাত্ৰ 'পৃথিৱী'য়ে হৈছে প্ৰাণী থাকিব পৰা আশ্ৰয়স্থল ।এই আপোন পৃথিৱীখনৰ প্ৰতি আপোনাৰ মৰম নিঃসন্দেহে অনস্বীকাৰ্য। কিন্তু আজি সময় আহি উপস্থিত হৈছেহি য'ত সুধিব লগা হৈছে,আপুনি বাৰু সঁচাকৈয়ে পৃথিৱীখনক ভাল পাইনে? কিন্তু আমাৰ দৰে প্ৰায় ৭ বিলিয়ন মানুহৰ কাম-কাজে ইয়াৰ বিপৰীত উত্তৰহে দিয়ে।এই মুহূৰ্তত বিশ্বত সৰ্বাধিক চৰ্চিত বিষয়টোৱে হৈছে জলবায়ুৰ ব্যাপক পৰিৱৰ্তন। প্ৰতিজন মানুহৰ লগত প্ৰত্যক্ষভাৱে জড়িত সঁচাকৈয়ে এক অতি গুৰুত্বপূৰ্ণ বিষয়।আপোনাৰ মোৰ সকলোৰে মন মগজুক জোকাৰি থকা ই হৈছে এক ভয়াবহ সংকেত।আমি আজি জাতি,সংস্কৃতি,ভাষা,ধৰ্ম,ৰাজনীতিকে আদি কৰি বাকীবোৰ বিষয়ৰ ক্ষেত্ৰত যিমান সচেতন,জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত তাৰ আধাও সচেতন নহয়। যদি পৃথিবী খনে বসবাসৰ উপযোগী হৈ নাথাকে,তেন্তে আমি ক'ত বাকীবোৰ বিষয় আলোচনা কৰিম? যি কি নহওঁক,মূল বিষয়টোলৈ আহোঁ।জলবায়ু মানেনো কি?সহজ অৰ্থত ই হৈছে দীৰ্ঘসময় ধৰি সংঘটিত বায়ুমণ্ডলৰ আচৰণ।অৰ্থাৎ জলবায়ু পৰিবৰ্তন মানে হৈছে বায়ুমণ্ডলৰ আচৰণৰ পৰিবৰ্তন। হয়,১৭৬০চনত ইংলেণ্ডত শিল্প উদ্যোগ আৰম্ভ হোৱা পিছৰে পৰা অকল্পনীয় ৰূপত জলবায়ুৰ সৰ্বস্তৰত পৰিৱৰ্তন ঘটিছে।আপুনি হয়তো ভাবিছে পৰিবৰ্তন হোৱাতো স্বাভাৱিক কথা। ৰ'ব, এইটো পৰিবৰ্তন অতিকৈ অস্বাভাৱিক আৰু ভয়ংকৰ,যিয়ে বিশ্বক সম্পূৰ্ণৰূপে ধ্বংসৰ মুখলৈ দিনক দিনে ঠেলি লৈ গৈছে।হয়,আপুনি ঠিকেই শুনিছে আৰু এই সময় পাবলৈ আৰু বেছি দিন নালাগিব;কিয়নো ইতিমধ্যে বিশ্বৰ প্ৰখ্যাত বৈজ্ঞানিক মহলে এই কথা স্বীকাৰ কৰিছে।সমস্ত পৃথিৱীখন প্ৰতিটো বস্তুৰ মাজত আভ্যন্তৰীণ সমন্বয়ৰ মাজেৰেহে চলে,ক'ৰবাত খোকোজা লাগিলেই ই সকলো স্তৰতে অস্বাভাৱিক লক্ষণ দেখায়।জলবায়ু পৰিৱৰ্তন ঠিক আজি হোৱা কথা নহয়,আজি আমি ইয়াৰ ভয়লগা চৰিত্ৰ আৰু ফলাফলহে দেখিছোঁ।হাজাৰৰো অধিক অধ্যয়নত দৈনিক ইয়াৰ ভয়াবহতা প্ৰকাশ পাইছে।২০০৫চনৰ ৰাষ্ট্ৰসংঘৰ মিলেনীয়াম অধ্যয়নত কৈছে,"মানুহৰ কামকাজে পৃথিৱীৰ স্বাভাৱিক কাৰ্যৰ ওপৰত ইমান চাপ পেলাইছে যে পৃথিৱীৰ জীৱবৈচিত্রই ভৱিষ্যতৰ প্ৰজন্মক সুৰক্ষা দিব পাৰিব,তাত কোনো নিশ্চয়তাই নাই"। আৰু জানি থওক,ইয়াৰ মূল কাৰণ আমিয়েই। পুঁজিবাদী ব্যৱস্থাৰ যি লুভীয়া চৰিত্ৰ,ই এইক্ষেত্ৰত অধিক জগৰীয়া।মানুহৰ দ্বাৰা অনিয়ন্ত্ৰিতভাৱে অবাধ হাৰত তাপ শোষণ কৰিব পৰা গ্ৰীণহাউছ গেছৰ নিৰ্গমনৰ ফলত আজি এই অৱস্থা পালেহি।গ্ৰীণহাউছ গেছ বিশেষকৈ নাইট্ৰাছ অক্সাইড(N2O),পানী বাষ্প(H2O),কাৰ্বন ড্ৰাই অক্সাইড(CO2),মিথেন(CH4)আদিৰ এটা অদ্বিতীয় চৰিত্ৰ হ'ল যে ইহঁতে সূৰ্যৰ পৰা অহা ৰশ্মি পুনৰ পৃথিৱীপৃষ্ঠ পৰা উভতি যাওঁতে ইয়াক ধৰি ৰাখি বাধা দিয়ে,ফলত তাপমাত্ৰা ঘনাই বৃদ্ধি পাব ধৰিছে। এই গেছ উদ্ভৱ হৈছে মূলতঃ জীৱাষ্ম ইন্ধনৰ দহন,বনানিকৰণ আৰু পশুধন পালনৰ ফলত। জীৱাষ্ম ইন্ধন দহনৰ ফলত যোৱা ১৫০ বছৰত CO2 পৰিমাণ ২৮০ পিপিএম(এক মিলিয়নৰ অংশ) পৰা ৪০৯ পিপিএমলৈ বৃদ্ধি হৈছে।কাৰ্বন নিগৰ্মন মুঠ গ্ৰীণহাউছ গেছৰ ৬৫-৭৬% অধিকাৰ কৰে।ফলত গোলকীয় উত্তাপ আৰু হিটৱেভ(Heatwave) নিৰন্তৰে বৃদ্ধি হ'ব ধৰিছে।পৃথিৱীৰ ১৯৫১-৮১ৰ গড় উষ্ণতা আছিল ১৪°C(ডিগ্ৰী চেলচিয়াছ),আজি প্ৰায় ০.৮°C বাঢ়িছে।বেভাগ গৰমৰ প্ৰকোপ যোৱা ৩৫ বছৰত ঘটিছে;২০১০ৰ পিছৰ ৫ বছৰ বিশ্বৰ আটাইতকৈ গৰম বৰ্ষ হিচাপে চিহ্নিত কৰা হয়।২০১৮চনৰ মে' মাহ ১৩৮ বছৰৰ ভিতৰত চতুৰ্থ গৰম মাহ হিচাপে পৰিগণিত হৈছে। সাগৰ-মহাসাগৰ সমূহে প্ৰতিবছৰে বায়ুমণ্ডললৈ নিগৰ্ত CO2ৰ এক চতুৰ্থাংশ শোষণ কৰে। সাগৰৰ ওপৰৰ সৰ্বোচ্চ ৭০০ মিটাৰ গভীৰতাত ১৯৬৯ৰ পিছত প্ৰায় ০.২°C বৃদ্ধি হৈছে। সাগৰৰ পানীৰ সৈতে CO2 বিক্রিয়া ফলত এচিডৰ উৎপন্ন হয়,যিয়ে সাগৰত এচিডৰ মাত্ৰা বঢ়াইছে। প্ৰতিবছৰে সাগৰ সমূহে প্ৰায় ২ বিলিয়ন ট'ন কাৰ্বন গেছ গ্ৰহণ কৰে,ফলস্বৰুপে শিল্প উদ্যোগৰ পৰবৰ্তীকালত সাগৰত ৩০% এচিডৰ মাত্ৰা বাঢ়িল।গ্ৰীণলেণ্ড নামৰ পৃথিৱীৰ সৰ্ববৃহৎ দ্বীপটোত ১৯৯৩-২০১৬ ভিতৰত প্ৰতিবছৰে ২৮১ বিলিয়ন ট'ন বৰফ গলিছে, ইফালে এণ্টাৰ্কটিকাত একে সময়ত ১১৯ বিলিয়ন ট'ন বৰফ গলিছে। হিমবাহ যিয়ে পৃথিৱী পৃষ্ঠৰ ১০% আগুৰি আছে,ক্ৰমান্বয়ে নাইকিয়া হ'ব ধৰিছে। ফলত সাগৰত পানীৰ পৃষ্ঠ ওপৰলৈ উঠিছে। যোৱা শতিকাত বছৰি ৩.২ মিলিমিটাৰ কৈ প্ৰায় ৮ ইঞ্চি সাগৰ পৃষ্ঠ বৃদ্ধি পায়।ইয়াৰ মূলতঃ দুটা কাৰণ-হিমবাহ আৰু বৰফ পৃষ্ঠ গলন আৰু গৰম ফলত সাগৰীয় পানীৰ প্ৰসাৰণ।যদি এই গতিত বাঢ়ি থাকে তেন্তে ২১০০ চন লৈকে ১-৪ ফুট বৃদ্ধি পাব। বনানিকৰণে জ্বলা জুইত ঘিউ ঢালিছে।ৰাষ্ট্ৰসংঘৰ Food & Agriculture Organization (চমুকৈ FAO) আৰু WWFৰ তথ্যই বিশ্বসমাজৰ চকু কপালত তুলিছে।তথ্য অনুসৰি,প্ৰতিবছৰে ১৮.৭ মিলিয়ন একৰ বনাঞ্চল ধ্বংস হৈছে,গ্ৰীষ্ম বনাঞ্চল(Tropical Forest) আধালৈ হ্ৰাস,ইয়াৰ ফলত বায়ুমণ্ডলত ১৫% গ্ৰীণহাউছ গেছ যোগ হৈছে।একে FAOৰ মতে জীৱপালন পৰা ১৪.৫% গ্ৰীণহাউছ গেছৰ নিগৰ্মন হয়।এই সমূহৰ উপৰিও আগ্নেয়গিৰী উদ্গীৰণ,অপচনশীল বৰ্জিত সামগ্ৰী,কৃষিকাৰ্য,জৈৱিক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ ইত্যাদি গ্ৰীণহাউছ গেছ নিগৰ্মনত প্ৰভূত অৰিহণা যোগাইছে।
কি হৈছে?
প্ৰতি পলত ক্ৰমবৰ্ধমান গ্ৰীণহাউছ গেছৰ নির্গমনৰ ফলত সমগ্ৰ জীৱকূল আৰু প্রাণীকূলৰ প্ৰতি ভাবুকি আহিছে।বিশ্বৰ অৰ্থনীতি ভাগি ছুৰমাৰ হৈছে,গতিকে ঘনাই মন্দাৱস্থা সন্মুখীন হৈছে।ইয়াৰ মূল ভুক্তভোগী হ'ল বিশ্বৰ উন্নয়নশীল দেশ সমূহ আৰু তাত বাস কৰা দুখীয়া জনগণ।জলবায়ুজনিত কাৰকৰ ফলত ৩২০বিলিয়ন আমেৰিকান ডলাৰ ক্ষতিৰে ২০১৭ বৰ্ষ বিশ্বৰ ইতিহাসৰ আটাইতকৈ ক্ষতিকৰ বৰ্ষ ৰূপে পৰিগণিত হ'ল।ইয়াৰ মূলতে বৰ্ষটোত সংঘটিত ৫০ৰো অধিক ভূমিকম্প,২৫০ ধুমুহা,৩৩৫ বানপানী,৭৫ৰো অধিক বিভিন্ন সম্পৰ্কীয় দুৰ্ঘটনা। আনকি ২০১৮ বৰ্ষতো প্ৰায় ২৯০ সাগৰীয় ধুমুহা আৰু ৩৫০ৰো অধিক বানপানী দ্বাৰা সমগ্ৰ বিশ্ব আক্ৰান্ত হ'ব লগা হৈছে।এই দুইবছৰত প্ৰায় ২০০০০ মানুহৰ জীৱন কাঢ়ি নিয়ে, অকল ভাৰততে প্ৰতিবছৰে জুন-অক্টোবৰ ভিতৰত প্ৰায় ২০০০ মানুহ বানপানীত মৃত্যু হয়।ভয়াবহ চাইক্লন,হাৰিকেন,অত্যাধিক বৰষুণ আদি অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।এই বর্ষতে শেহতীয়াকৈ বঙ্গোপ উপসাগৰীয় অঞ্চলত ফণী নামৰ এক সাগৰীয় ঘূৰ্ণি বতাহে সৰ্বত্ৰে জোকাৰি যায়।মূলতঃ এই শক্তিশালী ধুমুহাৰ ফলত ভাৰতৰ উৰিষ্যা,পশ্চিম বংগ আনহাতে বাংলাদেশৰ ঠাই বিশেষে বিস্তৰ ক্ষতি হয়।এতিয়াও ক্ষতিগ্ৰস্তৰ সম্পূৰ্ণ খতিয়ান প্ৰকাশ পোৱা নাই যদিও এতিয়ালৈকে জনা মতে প্ৰায় ৩৪ জন লোকৰ মৃত্যু হোৱা লগতে ১৪৮৩৫ খন গাঁও আৰু ১০৭৮৪৯১৫ জন লোক ইয়াৰ ফলত ক্ষতিগ্ৰস্ত অথবা প্ৰভাৱিত হয়। কিন্তু ইয়াৰ ৰেহ-ৰূপ চাই ই অতন্ত্য শক্তিশালী আছিল, এইয়া ক'ব পাৰি যে ইয়াৰ ফলত লাখ লাখ কোটি টকাৰ বিস্তৰ ক্ষতিসাধন হয়।অৱশ্যে আগতীয়াকৈ লোৱা সাৱধানতাৰ বাবেই ধন-জন পৰিমাণৰ তুলনাত্মকভাৱে হ্ৰাস পায়।পিছে এই সমগ্ৰ কাল ধুমুহা সাধাৰণ প্ৰাকৃতিক সাগৰীয় ধুমুহা নাছিল,যিটো এই মুহূৰ্তৰ আটাইতকৈ চিন্তনীয় বিষয় হিচাপে পৰিগণিত হোৱা উচিত।কিয় তেনেকৈ কৈছোঁ? আচলতে ইয়াৰ সম্পৰ্কে আপোনাৰ ধাৰণা স্পষ্ট কৰিবলৈ আমি কিছু ভিতৰলৈ সুমাব লাগিব। এনেধৰণৰ সাগৰীয় বিধ্বংসী ধুমুহাৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱাটো নিতান্তই উদ্বেগৰ বিষয়,এনে ঘটনাৰ বাবে আমিয়েই বহুলাংশে দায়ী,সেই কথা আমি ভাবিব পাৰোনে? হয়,একমাত্ৰ মানুহৰ অবিবেচক কাৰ্য-কলাপৰ বাবেই এনে ধুমুহাই বিধ্বংসী ৰূপ লৈছেহি। বিশ্বৰ জলবায়ুৰ অত্যাধিক পৰিৱৰ্তনৰ কাৰণেই এনে ঘটনা সঘনাই ঘটিব ধৰিছে। তাৰ সতেজ উদাহৰণ হৈছে 'ফণী',লগতে অলপ দিনৰ আগতে মজামবিক'(Mozambique)ক ধ্বংসস্তূপত পৰিণত কৰা 'কেনেথ'(Kenneth) নামৰ সাগৰীয় ধুমুহা।বিশ্বৰ অতিকৈ ভয়াবহ ২০ টা সাগৰীয় ধুমুহাৰ ১৮ টাই সংঘটিত হৈছে ভাৰত-বাংলাদেশ-চীন প্ৰান্তত। ১৯৭০ চনত বাংলাদেশত ভোলা(Bhola) নামৰ সাগৰীয় ঘূৰ্ণি বতাহে প্ৰায় ৫,৫০,০০০ লোকৰ জীৱন কাঢ়ি নিয়ে।এই প্ৰাকৃতিক দুৰ্যোগসমূহ কিন্তু জলবায়ু পৰিবৰ্তনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।দ' সাগৰীয় উপকূলৱৰ্তী অঞ্চললৈ ভাবুকিভৰা সংকেত নামিছে।এছিয়াৰ ৯০%ৰো অধিক লোক গ্ৰীষ্মচক্ৰ সন্মুখীন হৈছে।গোলকীয় উষ্ণতা বৃদ্ধি লগে লগে লাখ লাখ প্ৰজাতিৰ বিপন্নপ্ৰায় অৱস্থালৈ গতি কৰিছে। সাম্প্ৰতিক ২০০০ প্ৰজাতিৰ ওপৰত চলোৱা এক সমীক্ষাই প্ৰমাণ কৰিছে,৫০% জীৱন এক জটিল সন্ধিক্ষণত আছে,২৩% চৰাই-চিৰিকতি ইতিমধ্যে বিলুপ্তিৰ পথত আগবাঢ়িছে।প্ৰতি দশকত সাগৰীয় প্ৰজাতি ৪৫ মাইল পৰ্যন্ত আঁতৰি(shift) গৈছে।১৯৯৮চনৰ পৰা দুগুণ গতিত গোলকীয় উত্তাপ বাঢ়িছে,ফলস্বৰূপে হিমবাহ,বৰফ ব্যাপক ৰূপত গলিছে। ২০১৮ বৰ্ষত মে'ত এণ্টাৰ্কটিকা বৰফখণ্ডত এটা ছিদ্ৰ ৬ দিনত ১১ মাইললৈ বিয়পি পৰিছিল।১৯৮০ৰ পিছত অত্যাধিক গৰমৰ দ্বাৰা আক্ৰান্ত স্থান ৫০ গুণ বৃদ্ধি পাইছে।প্ৰতিবছৰে জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত দহ হাজাৰ লোক আৰু বনজুই ফলত ৩৩৯,০০০ লোকৰ মৃত্যু হয়।আমাজন(Amazon) যাক পৃথিৱীৰ হৃদপিণ্ড বুলি কোৱা হয়,যিয়ে মুঠ অক্সিজেনৰ ২০% যোগান ধৰে;সেইখন আমাজন ২০১০ত দ্বিতীয় সৰ্বোচ্চ খৰাংৰ মুখামুখি হৈছে।
কি হ'ব?
বিশ্বত বৰ্তমানে ৮০০ মিলিয়ন মানুহ অনাহাৰে বাস কৰে,তাৰোপৰি জনসংখ্যাৰ বিস্ফোৰণৰ ফলত খাদ্য বাবে অধিক শস্য প্ৰয়োজন হ'ব।এই মুহূৰ্তত সমগ্ৰ বিশ্বক অতিৰিক্ত ১০০ মিলিয়ন ভূমিত কৃষি প্ৰয়োজন আছে,লগতে আজি গতিত খাদ্য উৎপাদন থাকিলে ২০৫০ চনলৈ আৰু ৯০০ মিলিয়ন হেক্টৰ কৃষিক্ষেত্ৰ দৰকাৰ হ'ব।জলবায়ু পৰিবৰ্তনৰ আন্তঃচৰকাৰী সমিতি(Intergovernmental Panel on Climate Change, IPCC)ৰ মতে বৰ্তমানৰ দৰে গ্ৰীণহাউছ গেছ নিৰ্গমণ হৈ থাকিলে এই শতিকাৰ শেষত গড় উষ্ণতা(১৪°C) আৰু ৪°C লৈ বাঢ়িব বুলি সতৰ্কবাণী শুনাইছে।ই কিমান ভয়ংকৰ হ'ব আমি এই মুহূৰ্তত কল্পনাও কৰিব নোৱাৰো!ইয়াৰ ফলত সুমেৰুত থকা বৰফ গলিব,য'ত বায়ুমণ্ডলত থকা কাৰ্বনতকৈ দুগুণ কাৰ্বন জমা হৈ আছে। আপুনি এতিয়া বুজিলনে? মানুহ তথা স্তন্যপায়ী জন্তুৰ দেহে তাপ ইঞ্জিনৰ দৰে কাম কৰে,উষ্ণতা বৃদ্ধি লগে লগে শৰীৰবোৰ গলি মৰাশলৈ পৰিণত হ'ব। পেৰিচ চুক্তি অনুসৰিয়ে যদি উষ্ণতা বৃদ্ধি ২°C ভিতৰত ৰখা হয়,তথাপি কলকাতা,কৰাচি দৰে চহৰসমূহ এই শতিকাৰ পিছত বসবাসৰ অনুপযোগী হৈ পৰিব। আপোনালোকে দিল্লী,বেঙ্গালুৰু দৰে চহৰ সমূহৰ খবৰ গম পাইছে,কি সাংঘাতিক পৰিস্থিতি! ওচৰৰ গুৱাহাটী খনকে চালে ইয়াৰ অনুমান কৰিব পাৰিব।২০৫০ চনৰ ভিতৰত যদি কাৰ্বন নিগৰ্মন ৰোধ কৰা নহয়,সমগ্ৰ দক্ষিণ ইউৰোপ মৰুভূমিলৈ পৰিণত হ'ব।এণ্টাৰ্কটিকাৰ বৰফমণ্ডলত নাছা(NASA)ৰ গৱেষণাই ১৯১৮ চনৰ ফ্লু বীজাণুৰ অৱশিষ্ট ধৰা পৰিছে,যিয়ে এসময়ত ১০ মিলিয়ন মানুহৰ মৃত্যু ঘটাইছিল। এই বছৰৰ মে'ত BBCত এক ৰিপৰ্ট প্ৰকাশ পাইছে যে চাইবেৰিয়ান বৰফত 'সৰু আই' আৰু 'বাবৰ্ণিক প্লেগ'(Burbonic Plague) বীজাণু জমা হৈ আছে,উগাণ্ডাৰ বৰফত 'জিকা' ভাইৰাছ জমা হৈ থকা বুলিও গম পোৱা গৈছে।যদি এই বৰফ গলি সাগৰৰ পানী লগত মিলি যায়,কি হ'ব? মনত ৰাখিব,পৃথিৱীৰ ৯৬.৫% পানী সাগৰ সমূহে অধিকাৰ কৰে। ইয়াৰ পৰা আপুনি বিশুদ্ধ পানীৰ বৃহৎ সংকটৰো উমান পাব পাৰে। বিশ্ববেংকৰ তথ্য মতে আজি পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইসমূহ এক শতিকাৰ পিছত এতিয়াৰ গৰম ঠাইসমূহৰ সমান গৰম হৈ পৰিব।আন এক তথ্যত তেওঁলোকে কৈছে যে ২০৫০ৰ ভিতৰত ৫.২ বিলিয়ন নানুহ পৰজীৱীৰ দ্বাৰা আক্ৰান্ত হ'ব,তাত আপুনি মইও থাকিম নেকি? বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ দ্বাৰা নিৰূপিত 'সতেজ' বায়ুৰ মাত্ৰা ওপৰত ২০৯০ৰ ভিতৰত ২ বিলিয়ন মানুহে প্ৰদূষিত বায়ু সেৱন কৰিব।৬০০ মিলিয়ন মানুহ সাগৰ পৃষ্ঠৰ পৰা ১০ মিটাৰ উচ্চতাৰ ভিতৰত বাস কৰে,বাংলাদেশ,মুম্বাই,শ্ৰীলংকা আদি তাৰ অন্তৰ্গত;২০৪০ৰ ভিতৰত সাগৰত ডুব যোৱা শংকা নামি আহিছে। আপুনি হয়তো ভাবিছে, দশমিকত বা একক অংকত পৰিসংখ্যাবোৰ বঢ়া-কমাই কিনো প্ৰভাৱ পেলাব! তাৰ বাবে আপুনি ১°C উষ্ণতা বৃদ্ধিয়ে কি কৰিব পাৰে,চাওক-১)১০% কৃষি উৎপাদন কমাব,তেন্তে ৫°C বৃদ্ধিয়ে ৫০% কমাব।২)প্ৰতি ডিগ্ৰী ছেন্টিগ্ৰেড বৃদ্ধি ফলত পৰজীৱীৰ ১০% প্ৰজনন বাঢ়ে,তেন্তে মেলেৰিয়া,জাপানীজ এনকেফেলাইটিছ আদিৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ কিমান বাঢ়িব,ভাৱক।৩)Manshall Bmke আৰু Soloman Hsianৰ মতে ১°C বৃদ্ধিয়ে ১-২% মুঠ ঘৰুৱা উৎপাদন(GDP) কমাব,প্ৰতিজন মানুহৰ উৎপাদন ২৩% হ্ৰাস পাব, ১০-২০% সশস্ত্ৰ যুদ্ধ বাঢ়িব।
পুঁজিবাদৰ নাটক:
ওপৰত উল্লেখিত যি হৈছে বা যি হ'ব কৈছোঁ,সমগ্ৰ ঘটনাবোৰ আমাৰ ভোগবাদী প্ৰকৃতিৰ বিৰোধী মানসিকতাৰ ফচল,ই সোমাই আছে পুঁজিবাদী অৰ্থনীতিৰ পৰকোঠামোটোত। প্ৰায় ২০০০ চনলৈকে পুঁজিবাদী দেশ সমূহে জলবায়ু পৰিবৰ্তনৰ ধাৰণাকে অস্বীকাৰ কৰি আহিছিল। আনকি সাগৰীয় পৃষ্ঠ বৃদ্ধি পোৱা ঘটনা বোলে অকল গেদ জমা হোৱা বাবেহে উদ্ভৱ হৈছে।বিজ্ঞানী সকলে সদায় মানুহক সকীয়াই অহা পিছতো বহু পুঁজিবাদী ভক্তই তেনে প্ৰচাৰ কৰি আহিছে।এটা কথা প্ৰমাণ হৈছে যে পুঁজিবাদী অৰ্থনীতিৰ দ্বাৰা সৃষ্টি 'বহনক্ষম' অৰ্থনীতিয়ে বেছিদিনলৈ আমাক ৰক্ষা নকৰে। জলবায়ু পৰিবৰ্তন ৰোধ কৰা অৰ্থে ১৯৬ খন দেশৰ অংশগ্ৰহণে ২০১৫ৰ ১২ ডিচেম্বৰত 'পেৰিছ চুক্তি' সম্পন্ন হয়। তাৰ থূলমূল সিদ্ধান্ত হ'ল যে প্ৰতিখন স্বাক্ষৰকাৰী দেশে জলবায়ু পৰিবৰ্তনক স্বীকাৰ কৰি সমন্বয়ৰ ভিত্তিত সমাধান সূত্ৰ উলিয়াব,আৰু তাৰ বাবে সকলোৱে কাৰ্যপন্থা হাতত ল'ব। এতিয়া শুনক,বিশ্বৰ ধনী ৫০ কোটি মানুহে মুঠ কাৰ্বন ড্ৰাই অক্সইডৰ নিৰ্গমনৰ আধা নিৰ্গত কৰে, আনহাতে দুখীয়া ৩০০ কোটি মানুহে মাত্ৰ ৭%হে নিগৰ্মন কৰে। ধনী দেশসমূহে উন্নয়নশীল আৰু দুখীয়া দেশসমূহৰ অত্যাধিক জনসংখ্যাক দোষ দি নিজৰ পক্ষে যুক্তি দিয়ে,কি হাসোতিক !কিয়? যোৱা ৫০ বছৰত জনসংখ্যা দুগুণ বৃদ্ধি পোৱা সময়ত সম্পদৰ ব্যৱহাৰ ৪ গুণ বৃদ্ধি পাইছে। অৰ্থাৎ অত্যাধিক সম্পদৰ প্ৰতি থকা লোভেই ইয়াৰ কাল হৈছে। চুইছ বেংকৰ বিলিয়নাৰ ৰিপৰ্টৰ মতে ২০১৭ বৰ্ষত ২০% বিলিয়নাৰ বৃদ্ধি পাইছে।বিশ্বৰ ৫% মানুহক প্ৰতিনিধিত্ব কৰা আমেৰিকাই পৃথিৱীৰ মুঠ শক্তিৰ ২৫% শোষণ কৰে।'পেৰিছ চুক্তি' মতে প্ৰতিশ্ৰুতিবৰ্দ্ধ 'সেউজ জলবায়ু কোষ'(Green Climate Fund)ক আমেৰিকাই ২ বিলিয়ন ডলাৰ দিবলৈ অস্বীকাৰ কৰিছে। আনকি এই বছৰে আমেৰিকাই নিজে বনোৱা অভিজ্ঞ সমিতিৰ তথ্যকে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নামানো বুলি সদম্ভে ঘোষণা কৰিছে,আনকি তেওঁ জলবায়ু আৰু বতৰৰ মাজত পাৰ্থক্যতোকে নাজানে!আমাৰ নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াই আকৌ কেতিয়াবা জলবায়ু পৰিৱৰ্তন নাই হোৱা বুলিও কয়। তেওঁ চৰকাৰ খন স্বভাৱগৰ্ত ভাৱে বিজ্ঞান বিৰোধী,ধৰ্মান্ধ। ভাৰতৰ ক্ষেত্ৰত FDI দ্বাৰা আন্তঃগাঁথনি উন্নয়ন আৰু উদ্যোগ প্ৰতিষ্ঠা বাবে অহা ধন,বনাঞ্চল সংৰক্ষণৰ বাবে ধাৰ্য কৰা ধনতকৈ ১০ গুণ বেছি।ইফালে ইতিমধ্যে G20(২০জনীয়া গোট) সন্মিলনত আন্তঃগাঁথনি উন্নতৰ বাবে ৯০ ত্ৰিলিয়ন ডলাৰ ধাৰ্য কৰিছে,অথচ পৰিবেশ ৰক্ষণাবেক্ষণৰ বাবে স্পষ্টকৈ কোৱা নাই। বনাঞ্চলত বহু বছৰ বাস কৰি অহা লোকক হত্যা কৰা হৈছে, ২০১৬ত ২০০ আৰু ২০১৭ত ২০৭ আৰু ২০১৮ বৰ্ষত ২২৩ টা তেনে 'পৰিবেশ ৰক্ষক'ক হত্যা কৰা হ'ল।কাৰ্ল মাৰ্ক্সৰ 'কেপিটেল' নামৰ গ্ৰন্থ খনত আজি পৰিস্থিতি তাহানিতে অনুমান কৰিছিল। এতিয়া ৯৫% বিজ্ঞানী সমাজে তাক স্বীকাৰ কৰে। পুঁজিবাদী ৰাষ্ট্ৰ সমূহে জলবায়ু পৰিবৰ্তনক নিজৰ ব্যৱসায়িক লাভালাভলৈ পৰিণত কৰাত লাগিছে। উন্নত পুঁজিবাদী দেশসমূহে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আক্ৰান্ত হোৱা উন্নয়নশীল দেশসমূহলৈ উচ্চ হাৰত ঋণ প্ৰদান কৰি ইয়াৰ লাভাংশ খোৱাত ব্যস্ত আছে। মনত ৰাখিব লগা কথাটো হৈছে জলবায়ু পৰিৱৰ্তনৰ এই সাংঘাটিক পৰিণামৰ বাবে মূলতঃ দায়ী উন্নত পুঁজিবাদী ৰাষ্ট্ৰসমূহ,কিন্তু ইয়াৰ বাবে ক্ষতিপূৰণ ভুগিব লগা হৈছে অনুন্নত ৰাষ্ট্ৰসমূহে।
কি কৰা উচিত?
পৰিস্থিতিয়ে পুঁজিবাদী দেশ সমূহক নবীকৰণযোগ্য শক্তি উৎস ওপৰত গুৰুত্ব দিবলৈ বাধ্য কৰাইছে। ফলত ৮০% সৌৰ আৰু বায়ু শক্তি বৃদ্ধি পাইছে। FAOৰ মতে মানুহে গড়ে ৭৫%কম গৰু মাংস,৯০% কম গাহৰি,আধা সংখ্যক কম কণী খাব লাগিব,বিপৰীতে বীণ আৰু বীজ তিনিগুন বেছিকৈ খাব লাগিব। অৰ্থাৎ 'হয় খাদ্য সেউজীয়া কৰা নহ'লে পৃথিৱীক খোৱা' এইটোৱেই হৈছে আমাৰ আজি দৈনন্দিন খাদ্যসূচী।বেইজিংয়ে যোৱা ৫ বছৰত ৩৫% প্ৰদূষণ কমাইছে। বিশ্বৰ ১০খনৰ ৯ খন অতি প্ৰদূষিত চহৰ অৰ্থাৎ ২০ খনৰ ভিতৰত ১৫ খনেই ভাৰতবৰ্ষত আছে,সোনকালে কাৰ্যকৰী ব্যৱস্থা হাতত ল'বই লাগিব। ৰাম মন্দিৰ,অযথা বৃহৎ মূৰ্ত্তি নিৰ্মাণ,নদী পূজা আদি কামবোৰ এৰি তাত খৰছ হোৱা টকা পৰিৱেশ ৰক্ষণাবেক্ষণত ব্যৱহাৰ কৰক। ভাৰতে গছ ৰোপনৰ দ্বাৰাই ৫২০ মেগাট'ন কাৰ্বনৰ পৰিমাণ কমাব পাৰিব।ভাষণৰ ফুলজাৰী নহয়,হাতে কামে কৰক। এই ক্ষেত্ৰত নেতা নিৰ্বাচন কৰা সময়তো ৰাইজে তেওঁৰ(নেতাৰ)পৰিবেশ সম্পৰ্কীয় জ্ঞানৰ পৰীক্ষা লোৱাটো কাম্য হৈ পৰিছে। কথাটো হ'ল আমি যিমানেই তথ্যৰে সমৃদ্ধ নহওক লাগে,সিমান সতৰ্ক নহয়। ষ্টিফেন হকিঙে কৈছিল যদি প্ৰজাতি সমূহ বাছি থাকিব লাগে তেন্তে অন্য গ্ৰহ বিচাৰিব লাগিব।গতিকে এই আপোন পৃথিৱীত থাকিব হ'লে জলবায়ু পৰিবৰ্তনৰ ৰোধৰ বাবে নিজৰ কৰণীয়খিনি কৰিবই লাগিব। কোৱা হৈছে যে পেৰিশ চুক্তি অনুসৰি বিশ্বই আগনাবাঢ়িলে প্ৰতিবছৰে ২৩ ট্ৰিলীয়ন ডলাৰ লোকচান হ'ব কিন্তু বহু সময়ত আমাৰ সংশয় জন্মে যে এই পেৰিশ চুক্তিয়ে একমাত্ৰ পুঁজিবাদী ৰাষ্ট্ৰৰ স্বাৰ্থ পূৰণত ব্যৱহৃত হৈ আহিছে। আমাৰ অসমৰ বাবে অন্য এটা চিন্তিত বিষয় যে শেহতীয়াকৈ এক তথ্যত ভাৰতৰ ৩৫১ খন প্ৰদূষিত নদী ভিতৰত ৪৪ খনেই অসমৰ নদীয়ে স্থান পাইছে। জলবায়ু পৰিবৰ্তনৰ স'তে যুঁজোতে এই কথাবোৰো মন কৰিব লাগিব। যিকোনো দুৰ্যোগক প্ৰাকৃতিক দুৰ্যোগ বুলি কৈয়ে দায়িত্ব সামৰিলে নহ'ব, সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে আমিয়েই দায়ী।শেষত কওঁ যে জলবায়ু পৰিবৰ্তন ফলত উদ্ভৱ হোৱা দুৰ্যোগৰ সৈতে কেনেকৈ ভৱিষ্যতে মুকামিলা কৰিম,কেনেকৈ এনে ধৰণৰ জলবায়ু জনিত মাৰাত্মক দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাম,তাৰ বাবে আমাৰ কৰণীয় কি,সেইবোৰ যিমান পাৰি সোনকালে উপলব্ধি কৰিলে মানৱ জাতিৰ বাবে মংগলজনক অন্যথা পৰিস্থিতি হাতৰ পৰা ওলাই যাব।তেতিয়া বা কৰিবলৈ থাকিব কি?
দীপজ্যোতি গগৈ,
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
ফোন: ৯১০১৪৯১৩০৩



Comments
Post a Comment