সম্পাদকীয়
প্ৰসংগঃ সময়
পৰিস্থিতিয়ে মানুহক যিমানেই গঢ় দিয়ে সিমানে মানুহে পৰিস্থিতিক গঢ় দিয়ে'– ‘কাৰ্ল মাৰ্ক্সৰ এই অমৰ বাণী আজি আমি হৃদয়ংগম কৰাৰ সময় আহি পৰিছে। আজিৰ সময় আমাৰ বাবে অচিনাকি। আজিৰ সময় চূড়ান্ত আত্মকেন্দ্ৰিকতাৰ। সমাজৰ লগত লৈ চলিব নোৱাৰাৰ সময়। সম্পৰ্কসমূহৰ মধুৰতাৰ ঠাইত ই টকা-কড়িৰ কাৰবাৰত পৰিণত হৈছে। কাৰো কেনিও চাবলৈ সময় নাই। আনে খাবলৈ পিন্ধিবলৈ পাইছেনে· বতাহ-বৰষুণৰ চিন্তাৰ পৰা মুকলি হৈ এঘুমটি শুব পাৰিছেনে ভালকৈ, আনৰ সন্তানে শিক্ষা পাইছেনে, পাইছেনে সমাজত নাৰীয়ে নিৰাপত্তা, দুবেলা দুমুঠি সুখেৰে খাইছেনে চুবুৰীৰে কৃষক-শ্ৰমিককেইজনে-এইবোৰ ভাবিবলৈ আমাৰ হাতত সময় ক'ত আজি? আমি অনুভৱ কৰিছো নে আমাৰ বৃদ্ধ আই-পিতাইৰ অকলশৰীয়া সময়ৰ দীৰ্ঘদিনীয়া হুতাস। নাই, মানুহ এতিয়া এক আধুনিক যন্ত্ৰ। যন্ত্ৰৰনো হৃদয় ক'ত?
আমি মানুহবোৰেই এনেকুৱা সময়ক গঢ় দিলো। সমাজত ই লালিত পালিত হ'ল। আমি যিমানেই নিজৰ সমৃদ্ধিৰ পিছত দৌৰিছো, আনক পিছ পেলাই শ্ৰেষ্ঠ হোৱাৰ নিগনি দৌৰত উশাহ নসলোৱাকৈ দৌৰিছে সিমানেই আমি বাস কৰা সমাজত [সমাজৰ জানো এতিয়া আমি বাস কৰো! আমিতো এতিয়া কেৱল নিজৰ মাজতেই বাস কৰো] মানুহৰ দুখ-দুৰ্দশা, অসূয়া-অপ্ৰীতি, শোষণ-নিষ্পেষণ, হত্যা-ধৰ্ষণ যিমানেই বাঢ়ি আহিছে। ব্যক্তিকেন্দ্ৰিকতাই এনে এক পৰ্যায় পাইছেগৈ যে ই সমাজবিৰোধী অৱস্থান গ্ৰহণ কৰিব লগা হৈছে। ভোগৰ লালসাই আমাক সমানভাৱে জীয়াই থাকিবলৈ পাহৰাইছে। সমঅধিকাৰৰ কথাতো আজি মূল্যহীন। ভাতৃত্ববোধ এতিয়া মাথোঁ এক পৰিহাস। এই সমূহ অসুখৰ মূল ব্যক্তিকেন্দ্ৰিক যান্ত্ৰিকতাৰ উৎস কি· উত্তৰৰ বাবে স্বাভাৱিকতে আমি আমাৰ প্ৰচলিত সমাজব্যৱস্থাৰ অদ্যোপান্ত অধ্যয়ন কৰিব লাগিব। সমান উৎপাদন ব্যৱস্থাৰ লগত ইয়াৰ গভীৰ সম্পৰ্ক আছে। আজিৰ উৎপাদন ব্যৱস্থা সমাজে নিয়ন্ত্ৰণ নকৰে। উৎপাদনৰ একো আহিলাই সমাজৰ হাতত নাই বৰ্তমান। দেশ ৰক্ষা কৰিম বুলি প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে আমি পতা চৰকাৰবিলাকে সেই কোন কাহানিতে প্ৰকৃতিৰ সম্পদসমূহ আম্বানী-টাটা বিৰলা প্ৰভৃতি লাখকোটি টকীয়া ব্যৱসায়িক বেচিলেগৈ। ৰাইজৰ হাতত এতিয়া উশাহত লোৱা বতাহৰ বাহিৰে ফ্ৰী বুলিবলৈ একো নাই। এই গতিত চলি থাকিলে উশাহত লোৱা বতাহজাকৰো যে বেপাব নহ'বগৈ তাৰ মানে নাই। কিছু কিছু ঠাইত নিৰ্মল বায়ু বিক্ৰী হয় বুলি ক'ৰবাত ক'ৰবাত প্ৰকাশ হৈছেগৈ। মূল কথা হ'ল সেই লাখকোটি টকীয়া ব্যৱসায়ীবিলাকে উৎপাদন কৰা বস্তুবোৰ কিনিবলৈকেতো আমাৰ এই লৰা-ঢপৰা। সিহঁতে যি দাম কয় তাকেই দিব লাগে আৰু এগালমান কৰ আছেই। আকৌ আমি কৰ দিছো আমাৰেই অৱস্থাৰ উন্নতি হওক বুলি। আমাৰতো অৱস্থাৰ উন্নতি হোৱা নাই। আজিও ভাৰতৰ ৭৫ শতাংশ মানুহে দৈনিক ২০ টকাও খৰচ কৰিবলৈ সামৰ্থ্য নাই। পেটে-ভাতে খাই থকাৰ চিন্তা, চিন্তা হৈয়ে আছে, ফল ধৰা নাই। তাৰ পৰিৱৰ্তে লাখ কোটিৰ মালিক বপুৰাহঁতে আমাৰ চৰকাৰৰ দিনত যিমান টকাৰ কৰ ৰেহাই পাইছে, সিমান টকাৰে ভাৰতৰ ১৩০ কোটি মানুহে কুটা এগছো ইফাল-সিফাল নকৰাকৈ ১০ বছৰলৈকে দৈনিক তিনিসাজ পেট পুৰাই খাব পাৰিলেহেঁতেন। কিন্তু আমি এটকা দৰৰ বেজী এটাতো ৩০-৪০ পইচাৰ কৰ দিও। খেতিয়কে কৃষিঋণ ৰেহাই নাপায়। সম্পত্তি আহৰণৰ অঘোষিত প্ৰতিযোগিতাই আমাক জুৰুলা কৰি মাৰিছে। মানুহ অমানুহত পৰিণত হৈছে। মই কেনেকৈ অলপ বেছি অৰ্জন কৰি আনক হীনত পৰিণত কৰাৰ যি অনিষ্টকৰ হাবিয়াসে আমাৰ মনবোৰ অধিকাৰ কৰিলেহি তাৰ সুবিধাতে চৰকাৰৰূপী শোষক শ্ৰেণীয়ে আমাৰ কামিহাড় চেপি ধৰিছে। আমাৰ ভ্ৰূক্ষেপ নাই। আনকি শিক্ষাও বেপাৰৰ সামগ্ৰিত পৰিণত হ'ল। আজিকালি শিক্ষা তেওঁহে পায় যাৰ মাক-দেউতাকৰ টকা-পইচা আছে। শংকৰদেৱ স্কুল, জাতীয় বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, দিল্লী পাব্লিক স্কুল আদিত নামভৰ্তি কৰে আৰু শিশুৰ পৰা কৈশোৰ অৱস্থালৈ ছাত্ৰ বা ছাত্ৰীগৰাকীক মেচিন কৰি তোলাৰ কচৰৎ চলি থাকে। তাৰ বিপৰীতে দৰিদ্ৰৰ সন্তানে ক'ত পঢ়ে? গৰুৰ গোহালি সদৃশ স্কুলত। য'ত পাঁচ-ছটা শ্ৰেণী মিলি শিক্ষক থাকে এজন বা দুজন। লাইেব্ৰৰী, পৰীক্ষাগাৰ আদিবোৰ এনে বিদ্যালয়ত অদৃশ্য। শিক্ষা মৌলিক অধিকাৰ হৈ থকা নাই। কম দুৰ্ভাগ্যৰ কথা নে এয়া! তথাপি সমাজে তাকেই গ্ৰহণ কৰিছে। কাৰণ ইয়াৰ বিকল্প ব্যৱস্থা আমি দেখা পোৱা নাই। ৫৬ ইঞ্চিৰ দেশৰ চকীদাৰৰ দিনতো একেই ঘটনা।
এনে সময় কেতিয়া সলনি হ'ব? প্ৰচলিত সমাজ ব্যৱস্থাটোত চলি থকা সমস্ত ধ্যান-ধাৰণা বিলাকক সলনি কৰিবৰ হ'ল। জোঁৰ পুৰি হাত পোৱাৰ আগতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব. ইয়াৰ বাবে দৰকাৰী চৰ্তই হ'ল আমি এক হ'ব লাগিব মানুহ হিচাপে। ধৰ্মৰ ভিত্তি, ভাষাৰ ভিত্তিত বা জাতিৰ ভিত্তিত নহয়। মানুহ হিচাপে, সমাজৰ শোষিত শ্ৰেণী হিচাপে আমি এক হ'ব লাগিব।আমাৰ পূৰ্বজ-অগ্ৰজসকলে এনেকুৱা এটা পৰিস্থিতিক গঢ় দিলে য'ত আমাৰ বাবে অশান্তিৰ বাহিৰে আন একো নাই। সেয়ে মাৰ্ক্সে কোৱাৰ দৰে নতুন এটা পৰিস্থিতি গঢ় দিব লাগিব। সমাজ পৰিৱৰ্তন কৰাৰ সময় আহি পৰিছে। পৰিস্থিতিয়েই এনেকুৱা যেতিয়া আমিনো কি কৰিম বুলি হাত সাবতি থকাৰ সকাম নাই। আজিৰ পৰিস্থিতি মানুহেই গঢ় দিয়া। মানুহেই সম্পদসমূহক এচাম বিত্তবান লোকৰ হাতত গটাই দিলে আৰু শেষত ৰাম ঠগন খালে। মানুহবোৰক নতুনকৈ শিকোৱাৰ সময় আহিল। দেখুৱাই দিব লগিব ভুল ক'ত আছে। ভুলকে সাবটি জীয়াই থকাতো মৃত্যুৰ সমপৰ্যায়ৰ। গতিকে সচেতন নাগৰিক হিচাপে আমাৰ কাম হ'ব সমাজৰ নিয়ন্ত্ৰণ ধনী ব্যৱসায়ী বিলাকৰ হাতৰপৰা কাঢ়ি সমাজৰ হাতলৈ অনা। যাৰ আমি নাম দিম বিপ্লৱ। আনতকৈ উন্নত প্ৰমাণ কৰি জীয়াই থকাৰ জীৱনতকৈ সকলোৱে সমানভাৱে জীয়াই থকাৰ আনন্দ বেছি। তাতেই প্ৰকৃত শান্তি। শান্তিৰ এটা পৰিস্থিতি গঢ়ি তোলাৰ বাবে নিৰৱচ্ছিন্ন ঐক্যবদ্ধ সংগ্ৰামেই যে মূল চাবি-কাঠি– এই কথা কোৱাত আমাৰ কোনো আপত্তি নাই।
কল্যাণ বুঢ়াগোহাঁই
গুৱাহাটী
ফোন :৯১০১৪৬৪৩৮১গুৱাহাটী
Comments
Post a Comment