দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে
![]() |
Masked Mob at JNU |
এইখন মোৰ আকাংক্ষিত বিশ্ববিদ্যালয় নহয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশেষকৈ যোৱা কেইবছৰমান ধৰি লৈ থকা ছাত্ৰ ছাত্ৰী বিৰোধী পদক্ষেপসমূহ আওকাণ কৰিলেও, ৫ জানুৱাৰীত জে এন ইউৰ পৰস্থিতিয়ে সকলোৰে সীমা চেৰ পেলাইছে। বিশ্ববিদ্যালয়খনৰ চৌহদৰ ভিতৰত এনেধৰণৰ হিংসাত্মক ঘটনা আগতে কেতিয়াও সংঘটিত হোৱা নাছিল। জেএনইউ সদায়েই অহিংসাৰ সমৰ্থনকাৰী। কিন্তু ৫ জানুৱাৰীত এবিভিপিৰ দুস্কৃতিকাৰীয়ে সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পাশৱিকভাৱে আক্ৰমণ কৰিলে। সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ লগতে তেওঁলোকে জেএনইউৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আৰু সভাপতিকো নিষ্ঠুৰভাবে আক্ৰমণ কৰিলে।
৪ জানুৱাৰীৰ ৰাতিপুৱাৰ পৰা মুখা পিন্ধা নিৰাপত্তাৰক্ষীৰ দ্বাৰা এই হিংসাত্মক ঘটনাৰ আৰম্ভণি হৈছিল।
ইয়াৰ পিছত এবিভিপিৰ দুস্কৃতিকাৰীসকলে বিভিন্ন বিভাগৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰে। আৰু ৫ জানুৱাৰীৰ দিনা পৰিস্থিতি আটাইতকৈ গুৰুতৰ হৈ পৰিল। এবিভিপিৰ এই দুস্কৃতিকাৰীসকলে চৌহদৰ বাহিৰত থকা তেওঁলোকৰ সদস্যসকলক মাতি আনি চৌহদত থকা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিলে। এই দুস্কৃতিসকলৰ হাতত আছিল হকী স্টিক, ৰড আদি বিভিন্ন অস্ত্ৰ। তেওঁলোকে হোষ্টেলৰ ভিতৰলৈ সোমাই যায় আৰু হোষ্টেলৰ কোঠালিবোৰ লণ্ড-ভণ্ড কৰে। ইয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভীতিভাৱৰ সৃষ্টি কৰে। এই দুস্কৃতিকাৰীসকলে সৱৰমতী টি পইনণ্টত হিংসাৰ বিৰুদ্ধে হ'বলগীয়া শান্তি সমদলৰ বাবে একত্ৰিত হোৱা শিক্ষকমণ্ডলীৰ ওপৰতো আক্ৰমণ চলায়। ইয়ে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সৃষ্টি হোৱাৰ দৰে একেই ত্ৰাস আৰু উদ্বেগ পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰে। সম্ভৱতঃ ভাৰত চৰকাৰে ৰাষ্ট্ৰযন্ত্ৰৰ দায়িত্বসমূহ তেওঁলোকৰ সবাতোকৈ বিশ। বিশ্বাসী ছাত্ৰ সংগঠন এবিভিপিৰ হাতত জেএনয়ুত লণ্ড ভণ্ড কৰিবলৈ আৰু এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিবলৈ অৰ্পণ কৰিছে।
আৰক্ষী বাহিনীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল আৰু মূল প্ৰৱেশদ্বাৰতে দুষ্কৃতিকাৰীসকলৰ লগতে থিয় হৈ আছিল।
এই ঘটনাৱলীসমূহ একাশৰীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলা এক আক্ৰমণ বুলি বিচাৰ কৰিলে নহ'ব।এই ঘটনাৱলীসমূহ দেশৰ বিশ্ববিদ্যালয় সমূহৰ ওপৰত কৰা এক আক্ৰমণ হিচাপে বিচাৰ কৰিব লাগিব। জে এন ইউ চৌহদত ছাত্ৰ-ছাত্ৰীৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণলৈ মন কৰিলে দেখা যায় যে সদায় এবিভিপিৰ দুস্কৃতিকাৰীসকলেই চৌহদত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰে।নিৰ্বাচনৰ সময়ছোৱাতো এবিভিপিৰ দুস্কৃতিকাৰীসকলৰ এই হিংসাত্মক কাৰ্যকলাপ প্ৰত্যক্ষ কৰা হৈছে। ৰাষ্ট্ৰযন্ত্ৰই প্ৰতিবাৰেই এক নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰে।
কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ যি কথা সেয়া হল জে এন ইউ ৰ এই শেহতীয়া আন্দোলন হৈছে কিয় । প্ৰশাসনে হঠাৎ হোষ্টেল সমূহৰ মাচুল 900% বৃদ্ধি কৰে । আৰু এই ঘটনা হয় কেন্দ্ৰীয় চৰকাৰে লোৱা নতুন শিক্ষা নীতি ৰূপায়ণ হোৱাৰ পিছত । এই নীতিৰ দ্বাৰা উচ্চ শিখানুষ্ঠান সমূহক অনুদান দিয়া নহয় , দিয়া হব ঋণ । আৰু নৌআম চমস্কিয়ে কোৱাৰ দৰে Modern slaves are in debt । এই যুগৰ দাস সকল শিকলিৰে নহয় বন্ধা থাকে ঋনেৰে । মাচুল বৃদ্ধিৰ বিৰুদ্ধে যোৱায়ে দুমাহ ধৰি ছাত্ৰ ছাত্ৰী সকলে বিশ্ববিদ্যালয় ধৰ্মঘট পালন কৰি আহিছে । মূল প্ৰশাসনিক কাৰ্যালয় বন্ধ কৰি দি দিনে নিশায় ঘেৰাও কৰি থৈ দিছিল । কিন্তু চৰকাৰ বাহাদুৰ বা প্ৰশাসনে দাবী মনা নাছিল । বৰঞ্চ বিভিন্ন উপায় আন্দোলন ভংগ কৰাৰ বা ছাত্ৰ ছাত্ৰী সকলক ভাগ ভাগ কৰাৰ চেষ্টা কৰিছিল । কিন্তু একোতে সফলতা নোপোৱাত শেহত বাহিৰৰ পৰা ভেৰোণীয়া গুণ্ডা আনি এই বৰ্বৰ আক্ৰমণ । কিন্তু এই আন্দোলন স্তব্ধ নহয় । চলিব আৰু চলি আছে ।
বহু বেছি একো লিখিব পৰা অৱস্থাত নাই । বহু কেইজন বন্ধু আহত । জে এন ইউ ষ্টুডেন্ট ইউনিয়নৰ সভনেত্ৰী ঐশি ৰ মূৰত ষোল্লটা চিলায় । তথাপি আজিও মিচিল হব । মাচুল বৃদ্ধিৰ বিৰুদ্ধে । সুলভ ৰাজহুৱা শিক্ষাৰ বাবে ।
বহুতে প্ৰশ্ন কৰে জে এন ইউ ৰ মাচুল দেখোন বহু কম । হয় তুলনামূলক ভাবে কম । কিন্তু সেইবুলি বঢ়াই দিয়াৰ পোষকতা কৰে নেকি ? কি যুক্তিত । শিক্ষা সকলোৰে কাৰণে সুলভ হব । স্বাধীন ভাৰতৰ এইয়া টো স্বপ্ন আছিল । মই নিজে এনে ছাত্ৰ বন্ধু পাইছোঁ যাৰ দেউতাক কাৰ্বি আলংত এটা গেৰেজৰ কৰ্মচাৰী । মোৰ কাষৰ কোঠাত থকা জন আগতে ইয়াৰে চিকিউৰীতি গাৰ্ডৰ চাকৰি কৰিছিল । এনে ছাত্ৰী আছে যি ছয় বছৰ ধৰি ঘৰ যোৱা নাই এই ভয়ত যে ঘৰ গলেই বিয়া পাতি দিব আৰু তাইৰ জীৱনৰ স্বপ্ন ধূলিস্যাত হৈ যাৱ । বিহাৰৰ গাৱঁৰ সাধাৰণ খেতিয়কৰ লৰা যাৰ ঘৰৰ পৰা ৪০ কিলোমিটাৰ দূৰলৈ চিকিৎসালয় এখন নাই তেনে ছাত্ৰও আছে । এই শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে, যিমানেই মেধাৱী নহওক এক সুলভ ৰাজহুৱা শিক্ষা ব্যৱস্থা নাথাকিলে ভৱিষ্যৎ অন্ধকাৰ । নগৰত বাস কৰা সকলে পিছপৰা গাঁও বোৰ কেৱল "ৰাজধানী ট্ৰেইনৰ পৰ্দাৰ ফাঁকেৰে" নাচায় নিজে গৈ সুধিব চোন কোন জন খেতিয়কৰ ছোৱালী বা লৰায় পি এইচ দি পৰ্যায়লৈ বিশ্ববিদ্যালয়ত পঢ়িব পৰিছে ।
আৰু বহুতেই কয় সকলো বিতৰ্ক কেৱল জে এন ইউহে কিয় ? অতি চমুকৈ ইয়াৰ উত্তৰ ধুনীয়াকৈ দিছে অভিনীত মিশ্ৰ নামৰ কৌতুক শিল্পী এজনে । তেওঁ কৈছে To those asking why this happens in JNU only. Well, having a spine comes at a cost. Living spineless is free. (ফেচিবাদী শাসনত ) মেৰুদণ্ড থকা সকলেই মূল্য ভৰিব লগীয়া হয় । মেৰুদণ্ড হীনতা বিনামুলিয়া । আমি দেখিছোঁ অসমৰ শিক্ষানুষ্ঠান কেইখনে কা (তেতিয়া কেব) বিৰোধী সংগ্ৰামত মেৰুদণ্ড পোন কৰাৰ লগে লগে তেওঁলোকৰ ওপৰত সেনাই কেনে সন্ত্ৰাস নমায় অনা হৈছিল । জে এন ইউ হওক বা কটন কলেজ । কোনো ঘটনাই বিক্ষিপ্ত নহয় ।আজি দেশৰ চন্দ্ৰমা কাল এন্ধাৰে আৱৰিছে । আমি এক হৈ ৰুধিব লাগিব ।
শেহত মাত্ৰ এটা কথায় কওঁ । ফেচিবাদী ৰাষ্ট্ৰৰ সন্ত্ৰাস কি বস্তু কটন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বন্ধু বান্ধৱীয়ে দেখিছে । নিজেও দেখিলো জে এন ইউত । যি সকলে আজিও নীৰৱে ঘৰত বহি থাকিলে সুৰক্ষিত হৈ থাকিম বুলি ভাবিছে তেওঁলোকক কওঁ আজি জে এন ইউ কটন বা জি ইউত যি হৈছে অহাকালি ডি কে ডি, জে বি, এন এল কলেজ বি এইচ বা পূব কামৰূপ কলেজটো হব পাৰে । আৰু পৰহি আপোনাৰ ঘৰত ।
মনত ৰাখিব উশাহ লৈ থকা মানেই জীয়াই থকা নহয় ।
অংশুমান
গৱেষক ছাত্ৰ
জে.এন.ইউ,নতুন দিল্লী
ফোন ঃ ৮৪৭২৯৫০৩৮৯
(বি. দ্ৰ.: লেখাটি জে.এন.ইউত যোৱা ৫ জানুৱাৰী,২০২০ তাৰিখে সংঘটিত হোৱা ঘটনাৰ দুদিন পিছত লিখা)
(বিশেষ কৃতজ্ঞতা : ভাস্বতী গোস্বামী)
Comments
Post a Comment