বিকল্প এটা শক্তিশালীভাৱে তুলি ধৰিব লাগিব


Courtesy : The Times of India


দ্বিতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি লোকসভা নিৰ্বাচনত জয়ী হ'ল, এইবাৰ পূৰ্বৰ বাৰতকৈয়ো অধিক আসনলৈ। যদিও চৰকাৰখন গঠন কৰিছে বিজেপি নেতৃত্বাধীন এন ডি এ নামৰ ৰাজনৈতিক জোঁটটোৱে, কিন্তু কাৰ্যক্ষেত্ৰত চৰকাৰখন বিজেপিৰহে, জোঁটৰ অংশীদাৰ অইন দলবোৰে নীতিগত প্ৰশ্নত প্ৰভাৱ পেলোৱাৰ কোনো সুযোগ নাই। সেয়েহে বিজেপিৰ লক্ষ্য আৰু  উদ্দেশ্য অনুসৰিয়েই দ্বিতীয়খন মোদী চৰকাৰ পৰিচালিত হ'ব।

স্বাভাৱিক প্ৰশ্ন হ'ল, সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপি নেতৃত্বাধীন প্ৰথমখন মোদী চৰকাৰে যোৱা পাঁচবছৰে অনুসৰণ কৰা নীতিবোৰৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন সূচাইছে নেকি· যোৱা পাঁচ বছৰত বিজেপি চৰকাৰৰ শাসনত আমাৰ দেশত নিবনুৱাৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পালে। চৰকাৰে বৃহৎসংখ্যক ৰাজহুৱা খণ্ডৰ কল-কাৰখানা বন্ধ কৰি অথবা বেচৰকাৰী খণ্ডলৈ হস্তান্তৰ কৰি লাখ লাখ শ্ৰমিক-কৰ্মচাৰীক উপাৰ্জনহীন কৰি পেলোৱা হ'ল। বিমুদ্ৰাকৰণৰ দৰে ভুল বিত্তীয় নীতিয়ে লাখ লাখ সৰু-মজলীয়া ব্যৱসায়ী অথবা স্বনিয়োজিত লোক সৰ্বস্বান্ত হ'ল, পৰিণতিত তেওঁলোকৰ লগতে কৰ্মৰত লাখ লাখ শ্ৰমিক-কৰ্মচাৰীও বেকাৰ হৈ পৰিল। এই সকলোবোৰে জনসাধাৰণৰ ক্ৰয় ক্ষমতা লক্ষণীয়ভাৱে হ্ৰাস কৰিলে আৰু তাৰ বিষময় প্ৰভাৱ দেশৰ অৰ্থনীতিৰ ওপৰত পৰিল। তদুপৰি খেতিয়কসকলৰ আয় বৃদ্ধি কৰাৰ কোনো ব্যৱস্থা নহ'ল। বৰং ধাৰ-ঋণত পোত খোৱা খেতিয়কৰ সংখ্যা অকল্পনীয়ভাৱে বৃদ্ধি পালে আৰু ঋণগ্ৰস্ত খেতিয়কে যেতিয়া নিজে উৎপাদন কৰা ফচলৰ লাভজনক বা ন্যায্য নাপালে, তেতিয়া দলে দলে আত্মহত্যা কৰিলে। চৰকাৰৰ অধীনত ঠিকাভিত্তিত অথবা কেজুৱেল হিচাপে নিয়োজিত শ্ৰমিক-কৰ্মচাৰীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে, যিসকলক প্ৰাপ্য মজুৰি আৰু অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত কৰা হয়। বিভিন্ন আঁচনিৰ অধীনত কামত খটুওৱাসকলক নূন্যতম মজুৰীৰ পৰাও চৰকাৰে বঞ্চিত কৰি ৰাখিছে।

গতিকে যোৱা পাঁচ বছৰে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে যি ভয়ানক জনবিৰোধী আৰ্থিক নীতি গ্ৰহণ কৰিছিল, তাৰ বিৰুদ্ধে মানুহৰ ক্ষোভ আৰু অসন্তোষ ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। যোৱা এবছৰৰ ভিতৰত অনুষ্ঠিত উপ-নিৰ্বাচন আৰু কেইবাখনো ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন বিজেপিৰ প্ৰতি ক্ৰমবৰ্ধমান অনাস্থাৰ পৰাই তাৰ উম-ঘাম পোৱা গৈছিল।

বিজেপি-আৰ এছ এছৰ নিৰ্বাচনী কৌশল

ক্ৰমবৰ্ধমান জনপ্ৰিয়তা হ্ৰাসৰ এক পৰিৱেশত সপ্তদশ লোকসভা নিৰ্বাচন চমু চাপি আহিল। এনে সময়তে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত হয় ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণ। চি আৰ পি এফৰ কনভয়ৰ ওপৰত চলোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ১৪ ফেব্ৰুৱাৰীত পুলৱামাত দেশৰ নিৰাপত্তা বাহিনীৰ ৪০জন জোৱান একেলগে নিহত হোৱাৰ ঘটনাই দেশৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। ইয়াৰে সুযোগ লৈ বিজেপি-আৰ এছ এছে দ্ৰুতগতিত এক ধৰণৰ জাত্যাভিমান [jingolsm] চাৰিওফালে প্ৰচাৰ কৰিলে। এই জাত্যাভিমানৰ আৰ লৈয়ে বিয়পাই দিয়া হ'ল মুছলমানবিৰোধী ঘৃণা, যি ঘৃণাই বিজেপি-আৰ এছ এছৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক প্ৰচাৰকে অধিক শক্তিশালী কৰিলে। এই কাৰ্যত সম্পূৰ্ণ আগ-ভাগ ল'লে বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন প্ৰচাৰ মাধ্যমে। যোৱা পাঁচ বছৰে মোদী চৰকাৰে কৰ্প'ৰেট গোষ্ঠীবোৰক অবাধ লুণ্ঠনৰ বাবে যি সুযোগ-সুবিধা উলিয়াই দিছে, তেনেক্ষেত্ৰত কৰ্প'ৰেট প্ৰচাৰ মাধ্যম মোদী আৰু বিজেপিৰ পক্ষে সৰ্বশক্তিৰে ওলাই অহাটো আছিল তেনেই স্বাভাৱিক। অথচ এই প্ৰশ্নটো প্ৰচাৰ মাধ্যমত এবাৰো মাজেৰে উত্থাপিত নহ'ল যে ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা জম্মু-কাশ্মীৰত ইমান বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ কিদৰে ঘটিবলৈ পালে· তাত প্ৰয়োগ হৈ আছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন [AFSPA] ৰ দৰে কঠোৰ [ক'লা] আইন। ভাৰতীয় সেনা বাহিনীৰ বৃহত্তম অংশটো নিয়োজিত হৈ আছে কাশ্মীৰত। তেনেহ'লে ৩৫০ কেজি আৰ ডি এক্সৰ দৰে বিস্ফোৰক সামগ্ৰী সংগ্ৰহ কিদৰে কৰিলে· আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে কঢ়িয়াই আনি নিৰাপত্তা বাহিনীক আক্ৰমণ কিদৰে কৰিলে· উল্লেখযোগ্য যে এই ৰহস্য আজিলৈকে উদঘাটন নহ'ল।

পুলৱামাৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানৰ বালাকোটত ভাৰতীয় সেনাবাহিনীয়ে ‘চাৰ্জিকেল ষ্ট্ৰাইক' কৰিলে। এই চাৰ্জিকেল ষ্ট্ৰাইকৰ ফলত পাকিস্তানৰ ক্ষয়-ক্ষতি কিমান হ'ল। নানা পৰস্পৰবিৰোধী বক্তব্য বিজেপিৰ মন্ত্ৰী আৰু নেতাসকলে প্ৰচাৰ কৰিলে। সেনাবাহিনীৰ ভাষ্য আৰু বিজেপি নেতাসকলৰ ভাষ্যৰ মাজত আকাশ-পাতাল পাৰ্থক্য। অথচ এই কথা লুকুৱাই ৰখা হ'ল যে এই সময়ছোৱাত ভাৰতীয় সেনাবাহিনীয়ে নিজ দেশৰ ভিতৰতে নিজৰ বিমান গুলীয়াই ভূপতিত কৰি ধ্বংস কৰিলে। ফলত নিহত হ'ল আমাৰ দেশৰে সেনাবাহিনীৰ লোকক নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হোৱাৰ পাছতহে চৰকাৰে এই তথ্য ৰাজহুৱা কৰিলে। এই সকলোবোৰ প্ৰচাৰৰ উদ্দেশ্য কি আছিল· মোদী নেতৃত্বাধীন ভাৰতবৰ্ষক প্ৰবল পৰাক্ৰমী হিচাপে প্ৰতিষ্ঠা কৰা। ‘হিন্দু' ভাৰত আৰু ‘মুছলমান' ‘পাকিস্তানৰ মাজৰ সংঘাতত হিন্দুৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠা কৰা আৰু তাৰ মাজেৰে সাম্প্ৰদায়িক ৰাজনীতিকে ‘দেশপ্ৰেম'ৰ নামত সৰ্বাধিক সংখ্যক মানুহৰ মাজত প্ৰতিষ্ঠা কৰা।

নৰেন্দ্ৰ মোডীক এজন অসম সাহসী, বিচক্ষণ আৰু বলৱান পুৰুষ হিচাপে প্ৰতিষ্ঠা আৰু দেশপ্ৰেমৰ নামত উগ্ৰজাত্যাভিমান আৰু সাম্প্ৰদায়িক প্ৰচাৰত বিজেপি-আৰ এছ এছ আৰু তেওঁলোকৰ আশীষধন্য কৰ্প'ৰেট প্ৰচাৰ মাধ্যম সাংঘাতিকভাৱে সফল হ'ল। পৰিণতি হ'ল পূৰ্বতকৈয়ো অধিক আসনত বিজেপিৰ জয়লাভ।

সপ্তদশ লোকসভা নিৰ্বাচনত আৰু এপাত অস্ত্ৰ সফলভাৱে বিজেপিয়ে ব্যৱহাৰ কৰিলে। সেয়া হ'ল হিতাধিকাৰীৰ ৰাজনীতি। ঠিক নিৰ্বাচনৰ আগমুহূৰ্তত কৃষকৰ ৰাজসাহায্য হিচাপে ২০০০  টকাকৈ বেংক একাউণ্টত জমা কৰা, কিছুসংখ্যক অসংগঠিত খণ্ডৰ শ্ৰমিকৰ বাবে পেঞ্চনৰ ধন বিতৰণ আদিৰ মাজেৰে তেওঁলোকে চৰকাৰী ধনেৰে ভোট ক্ৰয় কৰা কৌশল সফলভাৱে ব্যৱহাৰ কৰিছে, বিশেষকৈ বিজেপি শাসিত ৰাজ্যবোৰত। প্ৰধানমন্ত্ৰী আৱাস যোজনা, অনাময় ব্যৱস্থাৰ অংশ হিচাপে শৌচাগাৰ নিৰ্মাণ আদিও বিজেপিৰ ভোট সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হ'ল। হিতাধিকাৰীসকলক আৰ এছ এছৰ দ্বাৰা সংগঠিত কৰোৱা আৰু বিজেপিৰ পৃষ্ঠাপ্ৰমুখসকলক নিয়মবহিৰ্ভূতভাৱে ক্ষমতা প্ৰদানৰ মাজেৰে ভোট সংগ্ৰহৰ ব্যৱস্থা কৰা হ'ল।

এইদৰে ফেব্ৰুৱাৰীৰ পৰা মে'লৈ– তিনিমাহৰ ভিতৰত ভাৰতবৰ্ষৰ ৰাজনৈতিক চিত্ৰপট বিপুলভাৱে সলনি হৈ গ'ল। ক্ৰমান্বয়ে সমৰ্থন হেৰুৱাই অহা নৰেন্দ্ৰ মোদী আৰু মোদী নেতৃত্বাধীন বিজেপিৰ পক্ষে ভাৰতীয় ভোটাৰসকলে বিপুলভাৱে ভোটদান কৰিলে। অথচ প্ৰথমখন মোদী চৰকাৰৰ ইতিহাস আছিল প্ৰতিশ্ৰুতি ভংগৰ ইতিহাস, সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থতাৰ ইতিহাস। এইখন চৰকাৰ হ'ল ভাৰতবৰ্ষৰ বৃহত্তম নিবনুৱা সৃষ্টিৰ বাবে দায়ী চৰকাৰ, দেশৰ অৰ্থনীতি চূড়ান্ত সংকটৰ ফালে গৈ যোৱাৰ চৰকাৰ। পেট্ৰ'-পণ্যৰ দাম আন্তৰ্জাতিকভাৱে হ্ৰাস পোৱাৰ পাছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নেৱাৰা চৰকাৰে। ইতিহাসৰ কি পৰিহাস যে শ্ৰমিক-কৃষকক চৰম দুৰ্দশাৰ কবললৈ ঠেলি পঠোৱা চৰকাৰখনেই সৰ্বাধিক শ্ৰমিক-কৃষকৰ ভোট লৈ দ্বিতীয়বাৰৰ কাৰণে শাসনলৈ ঘূৰি আহিল। শিক্ষাক বাণিজ্যিকীকৰণৰ বাবে সৰ্বাধিক কৃতিত্ব অৰ্জন কৰা এইখন চৰকাৰে ছাত্ৰ সমাজৰো বৃহৎ সমৰ্থন লাভ কৰিলে। ভাৰতীয় সমাজত থকা অজস্ৰ বৰ্ণগত বিভাজনক সুকৌশলে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি সফল হ'ল মোদী-অমিত শ্বাহ নেতৃত্বাধীন বিজেপি। বিজেপিৰ আন এক কৃতিত্ব হ'ল– সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত দিলটোৱে যিমান টকা খৰচ কৰিলে– আন কোনোৱেই তেওঁলোকৰ ওচৰেই চাপিব নোৱাৰিলে।

সন্মুখত বিকল্প কি·

বিজেপি দলক ৰাজনৈতিক, আদৰ্শগত আৰু সাংগঠনিকভাৱে প্ৰত্যাহ্বান জনাবৰ বাবে গৰিষ্ঠসংখ্যক লোকে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু ভাৰতবৰ্ষৰ প্ৰাচীনতম দলটো এইক্ষেত্ৰত শোচনীয়ভাৱে ব্যৰ্থ হ'ল। ৰাজনৈতিক ক্ষেত্ৰত বিজেপিবিৰোধী ভোট একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উদ্যোগহীনতা আৰু ব্যৰ্থতা আছিল স্পষ্ট। আদৰ্শগত প্ৰশ্নবোৰত বিজেপি-আৰ এছ এছৰ সৰ্বনশীয়া, ঐক্যবিৰোধী ‘হিন্দুত্ব'ৰ মোকাবিলা কৰাৰ বাবে দৃঢ়ভাৱে ধৰ্মনিৰপেক্ষতাৰ নীতিসমূহ খামুচি ধৰাৰ সলনি নৰম হিন্দুত্বকহে কংগ্ৰেছে উপযুক্ত বুলি বিবেচনা কৰিলে। সাংগঠনিক ক্ষেত্ৰতো দলটোৰে সমন্বয়হীনতা আৰু ঐক্যৰ অভাৱ আছিল প্ৰকট।

এনে পৰিস্থিতিত সোঁপন্থী, প্ৰতিক্ৰিয়াশীল বিজেপি-আৰ এছ এছৰ এটা সুস্পষ্ট বিকল্প গঢ়ি তোলাৰ বাবে বাঁওপন্থী শক্তিসমূহে অধিক সক্ৰিয়, সৰৱ আৰু বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰিব পাৰিব লাগিব। মনত ৰখা প্ৰয়োজন যে দেশৰ জনসাধাৰণৰ মাজত দাৰিদ্ৰ, কৰ্মসংস্থানহীনতা, শিক্ষা-স্বাস্থ্যৰ অধিকাৰৰ পৰা বঞ্চনা আদিৰ ফলত যি ক্ষোভ সৃষ্টি হৈছে তাৰে সুযোগ লৈ বিজেপিৰ বিকাশ হৈছে। সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত সাম্প্ৰদায়িক ঘৃণা আৰু আৰ্থিক ক্ষেত্ৰত নব্য-উদাৰতাবাদী অৰ্থনীতিকে তেওঁলোকে বিকল্প বুলি দাঙি ধৰিছে। কিন্তু এই সোঁপন্বিথী বিকল্প যে দেউলীয়া সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। সেয়ে ইয়াৰ বিপৰীতে বাঁওপন্থী, বিকল্পক সজোৰে তুলি ধৰিব লাগিব। সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত বাঁওপন্থীসকল ধৰ্মনিৰপেক্ষতাৰ প্ৰশ্নত আপোচহীন। ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হ'ল ৰাজনীতিৰ পৰা ধৰ্মক সম্পূৰ্ণ পৃথক কৰা; অন্ধবিশ্বাস-কুসংস্কাৰ আৰু অবৈজ্ঞানিক চিন্তাধাৰাক সম্পূৰ্ণভাৱে প্ৰত্যাখ্যান কৰা। শোষণ-বঞ্চনা নাইকীয়া কৰাৰ বাবে দেশৰ এমুঠিমান বৃহৎ পুঁজিপতি-ব্যৱসায়ীক বাদ দি সমূহ শ্ৰমিক-কৃষক ক্ষুদ্ৰ ব্যৱসায়ী-মধ্যবিত্ত শ্ৰেণী-সমস্যাজৰ্জৰ মহিলা, ছাত্ৰ, যুৱক সকলোকে ঐক্যবদ্ধ কৰি সামাজিক ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ বাবে যুঁজ কৰা। সমাজৰ দুৰ্বল আৰু পশ্চাদপদ জনগোষ্ঠী, জাতি-জনজাতিৰ বিকাশৰ নিশ্চয়তা দিয়া এখন নতুন সমাজ গঠনৰ বাবে অহোপুৰুষাৰ্থ কৰা।

এনে এখন যুঁজত সফল হ'বলৈ হ'লে ঐক্য আৰু সংগ্ৰামেই হ'ব প্ৰধান হাতিয়াৰ যিহেতু সংসদত এতিয়া সোঁপন্থী, প্ৰতিক্ৰিয়াশীল শক্তিৰেই দপদপনি, সেয়ে ৰাজপথৰ সংগ্ৰামেই হ'ব মানুহক সমৱেত আৰু সচেতন কৰাৰ প্ৰধান অস্ত্ৰ। যদি বাঁওপন্থীসকলে ইতিহাসে নিৰ্দিষ্ট কৰা এই দায়িত্ব পালন কৰিবলৈ নিজকে প্ৰস্তুত আৰু উপযুক্ত কৰি তুলিব পাৰে, তেনেহ'লে দ্ৰুত সাফল্য অৱধাৰিত। ভাৰতবৰ্ষৰ বিশাল ছাত্ৰ সমাজক সচেতন আৰু সংগ্ৰামমুখৰ কৰি তোলাৰ ক্ষেত্ৰত দেশৰ বৃহত্তম সংগ্ৰামী ছাত্ৰ সংগঠন হিচাপে এছ এফ আয়ে এনে এক ঐতিহাসিক দায়িত্ব কান্ধপাতি লোৱাৰ বাবে অৱশ্যে আগবাঢ়ি আহিব লাগিব।

সুপ্ৰকাশ তালুকদাৰ,
প্ৰাক্তন অসম ৰাজ্যিক  সম্পাদক,
এছ এফ আই
ফোন : ৯৯৫৪২৭৭০৩৫


Comments