অসমৰ “কা” বিৰোধী আন্দোলন আৰু ইয়াৰ ঐতিহাসিক প্ৰেক্ষাপট
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আকোঁৰগোজ হৈ অসাংবিধানিক আৰু সাম্প্ৰদায়িক এখন বিধেয়ক (নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯) চমুকৈ “কেব” পৰবৰ্তী পৰ্যায়ত আইন (নাগৰিকত্ব সংশোধনী আইন ২০১৯)চমুকৈ “কা” অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে আৰোপ কৰাক কেন্দ্ৰ কৰি প্ৰথমতে অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু পৰবৰ্তী পৰ্যায়ত সমগ্ৰ ভাৰতবৰ্ষত যি এক ব্যাপক গণ জাগৰণৰ সূচনা হল, ই হয়তো অসম তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহসতেই এক অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা হিচাপে খোদিত হৈ ৰব। এষাৰ কথা অতিশয় স্পষ্ট যে, এই আন্দোলন আছিল ৰাইজৰ আন্দোলন। প্ৰথম অৱস্থাত ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ইয়াৰ পৰা সৃষ্টি হবলগীয়া প্ৰত্যাহ্বানৰ সম্পৰ্কত অসমৰ ৰাইজৰ মাজত গৈ বিভিন্ন পৰ্যায়ত প্ৰচাৰ আন্দোলন সংগঠিত কৰিছিল যদিও ৯ ডিচেম্বৰ ২০১৯ ৰ আৰম্ভ হোৱা ধাৰাবাহিক আন্দোলনত কিন্তু কোনো দল-সংগঠনে ৰাইজক আগবঢ়াই আনিব লগা হোৱা নাছিল। অন্য অৰ্থত কবলৈ গলে সমগ্ৰ আন্দোলনত ৰাইজৰ অংশগ্ৰহন আছিল ব্যাপক আৰু স্বত:স্ফুৰ্ত। সেয়ে এই আন্দোলন সামগ্ৰীকভাৱে আমাৰ প্ৰজন্মটোৰ বাবে এক বিৰল অভিজ্ঞতাৰ অধ্যায়।
এতিয়া প্ৰশ্নটো হল যে, কা বিৰোধী আন্দোলনত ৰাইজে কিয় স্বত:স্ফুৰ্ত ভাবে অংশগ্ৰহন কৰিছে? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ যাওঁতে প্ৰথমতে আমি কা আৰু অসমৰ প্ৰেক্ষাপটত কা ৰ কাৰ্যকাৰিতা বা এই আইনখনে অসমৰ ৰাইজৰ মাজত সৃষ্টি কৰা সেই নিৰ্দিষ্ট ভয়-শংকা বা ইয়াক প্ৰত্যাহ্বান বুলি ভবা কাৰণৰ মূল বস্তুগত ভিত্তিৰ বিষয়ে বুজি উঠিব লাগিব। অবশ্যে এই লেখাত কা ৰ সম্পৰ্কত এক বিস্তৃত আলোচনাৰ অবকাশ নাই।মাঁথো উল্লেখ কৰিব খোজো যে, এই আইনখনৰ লগত ওপৰত উল্লেখ কৰাৰ দৰে ভাৰতৰ সংবিধানৰ মৌলিক কাঠামোৰ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন যিদৰে জড়িত হৈ আছে ঠিক একেদৰে বিভিন্ন ঐতিহাসিক ঘটনা-পৰিঘটনা আৰু অভিজ্ঞতাৰ আলোকত অসমত গঢ় লৈ উঠা একপ্ৰকাৰৰ জাতীয়তাবাদৰ প্ৰশ্নটোও অতি নিবিড়ভাবে জড়িত হৈ আছে। গতিকে এফালেদি অসমৰ এক বুজন সংখ্যক ৰাইজে অতি সচেতন ভাবে ভাৰতবৰ্ষৰ শতিকাজোৰা দীৰ্ঘ স্বাধীনতা আন্দোলনৰ বাস্তৱ অভিজ্ঞতা আৰু শিক্ষাৰ আধাৰত সৃষ্টি লাভ কৰা ভাৰতৰ সংবিধানৰ মৌলিক কাঠামোক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত অসাংবিধানিক আৰু সাম্প্ৰদায়ীক আইনখনৰ বিৰুদ্ধে যিদৰে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে ঠিক একেদৰে কোনো কোনো ক্ষেত্ৰত অধিক আক্ৰমনাত্মক ৰূপত জাতীয়তাবাদী ভাবাবেগেৰে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। সেয়ে এই লেখাৰ জড়িয়তে ওপৰত উল্লেখ কৰা প্ৰশ্নৰ উত্তৰ বিচাৰৰ পথত অসমৰ ৰাইজৰ জাতীয়তাবাদী ভাবাবেগৰ মূল ভিত্তি আৰু ইয়াৰ লগত নাগৰিকত্ব সংশোধনী আইনৰ ফলত সৃষ্টি হোৱা দন্দ্বৰ কাৰণ সমূহ চমূকৈ আলোচনা কৰাৰ চেষ্টা কৰা হৈছে।
Courtesy : Scroll.in
Courtesy : Scroll.in
অসমৰ ইতিহাসত ১৯ শতিকাৰ শেষৰ দশক কেইটাৰ পৰা আমি জাতীয়তাবাদী চেতনাৰ বিকাশ হোৱা দেখা পাওঁ।মূলত অসমীয়া ভাষা আৰু অসমীয়া সাহিত্যক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চেতনাৰ পৰিপ্ৰেক্ষিততেই অসমীয়া ভাষা উন্নতি সাধিনি সভা (১৮৮৯), অসম সাহিত্য সভা (১৯১৭) আদি সংগঠন সমূহ জন্ম লোৱা আমি দেখিবলৈ পাওঁ। আনকি ১৯১৬ ত জন্ম লাভ কৰা অসম ছাত্ৰ সন্মিলনীয়েও প্ৰথম অৱস্থাত অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণৰ প্ৰতি কাম কৰিবৰ বাবেহে কৰ্মসূচী প্ৰস্তুত কৰা আমি দেখিবলৈ পাওঁ।পৰিস্থতিৰ এনে বিকাশৰ অন্তৰালত বহুকিছুমান দিশ জড়িত হৈ আছিল যদিও সমসাময়িক কালৰ ভাৰতৰ বিভিন্ন প্ৰান্তত নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ নিৰ্দিষ্ট জনগোটৰ মাজত গঢ় লৈ উঠা জাতীয়তাবাদী চেতনাবোধ আৰু একেসময়তে সমগ্ৰ ভাৰতবৰ্ষৰে এক সামগ্ৰীক ব্ৰিটিছ বিৰোধী চেতনা আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ভাৰতৰ স্বাধিনতা আন্দোলনে বিশেষভাবে প্ৰভাবিত কৰিছিল। সেয়ে কব পাৰি যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ঔৰসতেই আঞ্চলিক জাতীয়তাবাদী চেতনাৰ জন্ম। এই বিশেষ পৰিস্থিতিয়েই ভাৰতবৰ্ষৰ প্ৰতিটো জাতি-জনজাতি, জনগোষ্ঠী আৰু প্ৰতিটো অঞ্চলৰ লোকক অধিকাৰৰ হকে কথা পাতিবৰ বাবে এক মুকলি পৰিবেশ ৰচনা কৰি দিয়ে।
দেখা পোৱা যায় যে, ঔপনিবেশিক কালৰ আৰম্ভণিতে অসমক বঙ্গীয় প্ৰেচিডেঞ্চি (Bengal Presidency)ৰ লগত সংযুক্ত কৰা হৈছিল আৰু ১৮৭৪ চনলৈকে বৰ্তমানৰ কলিকতাৰ পৰাই ইয়াৰ প্ৰশাসনিক দিশটো পৰিচালিত হৈছিল। এনে সময়ত অসমৰ সকলো কাৰ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানত বঙালী ভাষাকেই মূল ভাষা হিচাপত লৈ প্ৰশাসনিক কাম-কাজ সমূহ আগবাঢ়িছিল আৰু ঔপনিবেশিক শাসনে সৃষ্টি কৰা বিভিন্ন পদবীত বহু পৰিমানে বঙালী শিক্ষিত যুৱকক নিযুক্তি প্ৰদান কৰিছিল। এক কথাত কবলৈ গলে ঔপনিবেশিক কাম-কাজ সমূহ পৰিচালিত কৰাৰ ক্ষেত্ৰত এই সকলো পদক্ষেপ অবধাৰিত। কিয়নো ইয়াৰ বিপৰীতে সেই সময়ত প্ৰশাসনিক কাম-কাজ সমূহ পৰিচালনা কৰিব পৰাকৈ আৰু বিভিন্ন পদবীত অসমৰ যুৱকক নিযুক্তি দিব পৰাকৈ চাক্ষুক দৃষ্টিত এটা শিক্ষিত শ্ৰেণীৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাছিল। বৰাক উপত্যকাত ১৮৯৮ আৰু ব্ৰক্ষ্মপুত্ৰ উপত্যকাত ১৯০১ চনত প্ৰথম দুখন মহাবিদ্যালয় স্থাপন হোৱাৰ আগলৈকে মাত্ৰ কিছু সংখ্যক অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰ লৰা-ছোৱালীয়েহে অসমৰ বাহিৰত গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল বা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছিল। এনে কাৰণৰ পৰিপ্ৰেক্ষিততেই কাৰ্যত ১৮৭৩ চনত অসমত চৰকাৰী ভাষা হিচাপত অসমীয়া ভাষাক স্বীকৃতি প্ৰদান কৰিলেও চাকৰি-বাকৰি আদিত যুৱক-যুবতী মকৰলৰ ক্ষেত্ৰত বহু সময়লৈকে পূৰ্বৰ প্ৰক্ৰীয়াই বাহাল থাকিল। সেয়েহে, প্ৰথমে অসমৰ বাহিৰত পঢ়িবলৈ যোৱা বিশেষকৈ কলিকতাত পঢ়ি থকা অসমীয়াভাষী ছাত্ৰই নিজৰ ভাষা-সাহিত্যক সমৃদ্ধ কৰাৰ খাতিৰত আৰু অসমৰ ঔপনিবেশিক শাসনৰ পৰিক্ৰমাত নিজৰ স্থান (Space) বিচাৰিয়েই উনবিংশ শতিকাৰ শেষৰ দশক কেইটাৰ ফালে কলিকতাতেই নিজকে ঐক্যবদ্ধ হবৰ বাবে যত্ন কৰে আৰু পৰবৰ্তী পৰ্যায়ত ই অধিক সংহত ৰূপত আত্মপ্ৰকাশ কৰা দেখা পোৱা যায়। কোৱা সমীচিন যে, ঔপনিবেশিক শাসনৰ পৰিক্ৰমাত নিজৰ স্থান নিগাজী কৰিবৰ বাবে গ্ৰহণ কৰা এনে প্ৰচেষ্টাৰ বাবেই বিংশ শতিকাৰৰও বহু সময়লৈ নতুনকৈ গঠন হব ধৰা অতিশয় ক্ষুদ্ৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে ব্ৰিটিছৰ প্ৰতি আস্থাশীল হৈ থাকিবৰ বাবে যত্নবান হয় আৰু একে সময়তে ই একপ্ৰকাৰে অবধাৰিতভাবেই বঙালী মধ্যবিত্ত শ্ৰেণীৰ এক প্ৰতিদ্বন্দি শ্ৰেণী হিচাপে নিজকে গঢ়ি তুলিব ধৰে।
পৰবৰ্তী পৰ্যায়ত ইতিহাসৰ অন্য কেতবোৰ ঘটনাই এই বিৰোধ সমূহক অধিক স্পষ্ট ৰূপত প্ৰতিষ্ঠা কৰে আৰু ইয়াক মাত্ৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ মাজতে সীমাবদ্ধ নাৰাখি অসমৰ প্ৰায় সকলো অংশৰ লোকৰ মাজলৈ লৈ যায় আৰু এই ধাৰণাক ক্ৰমশ মতাদৰ্শলৈ ৰূপান্তৰিত কৰাত বৰঙণি যোগাই। এই প্ৰক্ৰিয়াত অন্তনিৰ্হিত বিভিন্ন দিশ সমূহৰ ভিতৰত আতাইতকৈ উল্লেখযোগ্য দিশটোৱেই হৈছে অসমৰ ৰাজনৈতিক অৰ্থনীতিৰ বিভিন্ন দিশ সমূহৰ ওপৰত অনুপ্ৰবেশকাৰীৰ ক্ৰমবৰ্দ্ধমান হেঁচা । ঔপনিবেশিক চৰকাৰৰ প্ৰতক্ষ পৃষ্ঠপোষকতাতেই হওক বা বিভিন্ন ঐতিহাসিক কাৰণৰ ফলতেই, বিভিন্ন পৰ্য্যায়ত অসমলৈ অনুপ্ৰবেশৰ সোঁত বোৱা আমি দেখিবলৈ পাওঁ। আৰু এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত অসমৰ লোকে বিশেষকৈ অসমৰ মধ্যবিত্ত শ্ৰেণীয়ে মাত মাতি অহাও আমি দেখিবলৈ পাওঁ আনকি ১৯৩১ চনৰ সাধাৰণ লোকপিয়লৰ প্ৰতিবেদনত সেই সময়ৰ লোকপিয়লৰ অধীক্ষকে অসমলৈ সোঁত বোৱা অনুপ্ৰবেশৰ গতিক এক প্ৰকাৰৰ জনগাঁথনিৰ ওপৰত এক ভয়াবহ আক্ৰমণ (Demographic Invasion) বুলিও আখ্যা দিছিল। এই আগ্ৰাসী অনুপ্ৰবেশকাৰী সকলে এফালে যিদৰে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাবৰ সৃষ্টি কৰিছিল, ঠিক একেদৰে ই অসমৰ ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্ৰতিও এক গুণগত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে, এই আগ্ৰাসী অনুপ্ৰবেশে অসমৰ পৰম্পৰাগত কৃষি ব্যৱস্থা, অসমৰ স্থানীয় কৃষক শ্ৰেণী (Native peasant) ৰ জীৱনবোধ আদিত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। কিয়নো, আমি ইয়াতে উল্লেখ কৰা সমীচিন হব যে, ঔপনিবেশিক চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰথমতে প্ৰবজন ঘটোৱা বা সেই সময়ৰ পূৰ্ববঙ্গৰ পৰা তেখেতসকলক অসমৰ বিভিন্ন ঠাইত সংস্থাপন দিয়া কাৰ্যৰ মূল উদ্দ্যেশ্যই আছিল ৰাজ্যখনৰ বিভিন্ন দ অঞ্চসসমূহত মূলত শালী ধান আৰু মৰাপাতৰ খেতিত তেখেতসকলক জড়িত কৰোৱা। যাৰ জড়িয়তে ঔপনিবেশিক চৰকাৰে অসমৰ কৃষিখণ্ডক এক লাভজনক উদ্যোগলৈ পৰিনত কৰাৰ আচনি পাঙি ৰাখিছিল। কাৰ্যত এই প্ৰবজনকাৰী সকলৰ অধিকাংশই আছিল মূলত কৃষক আৰু অত্যন্ত কষ্ট সহিষ্ণু। ফলত পৰিকল্পনা অনুযায়ী ঔপনিবেশিক চৰকাৰে সফল হোৱাও দেখা যায় আৰু নিজৰ প্ৰয়োজনীয়তাৰ বাবে কৰা অসমৰ কৃষি উতপাদন প্ৰক্ৰিয়া (Self Sufficient Production Process)ক মুনাফা অৰ্জনৰ বাবে কৰা উদ্বৃত উৎপাদন প্ৰক্ৰিয়া (Production for profit) লৈ পৰিবৰ্তন কৰাত সফল হোৱাও দেখা যায়। কৃষি শস্যক পণ্যলৈ ৰূপান্তৰিত কৰাৰ লগে লগে কৃষি ক্ষেত্ৰত পুজিঁৰ বিচৰণৰ আৰম্ভ হল, সৃষ্টি হল জমিদাৰৰ বা Money Lender ৰ দৰে এক নতুন মধ্যভোগী শ্ৰেণীৰ। গতিকে ঔপনিবেশিক চৰকাৰৰ দ্বাৰা সৃষ্টি কৰা নতুন কৃষক শ্ৰেণী (যাক পমূৱা মুছলমান বুলিও কোৱা যায়) আৰু মধ্যভোগী শ্ৰেণী লগতে কৃষি ক্ষেত্ৰত পুজিঁৰ আৰ্বিভাবে স্থানীয় কৃষক শ্ৰেণী (Native peasant) (যিয়ে পৰম্পৰাগতভাবে নিজৰ প্ৰয়োজনীয়তাৰ বাবে কৰা কৃষি উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত)ৰ ওপৰত অতি গুৰুতৰভাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এনে প্ৰত্যাহ্বানৰ পৰিণতিতেই অসমৰ বহু ঠাইত বহু স্থানীয় কৃষকে তেওঁলোকৰ সম্পুৰ্ণ কৃষিভূমি প্ৰবজনকাৰী নতুন কৃষক শ্ৰেণীৰ নতুবা উপৰত উল্লেখ কৰা নতুন মধ্যভূগী শ্ৰেণীৰ হাতত হেৰুৱাব লগীয়া ঘটনা আৰু বহু জনজাতীয় লোকৰ বেষ্টনি (Tribal Belt and Block)ৰ ভুমি অধিগ্ৰহণৰ ঘটনাৰও বহু ঐতিহাসিক তথ্য আজি পোৱা যায়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ তীব্ৰ প্ৰকোপত ঔপনিবেশিক আমোলত হেৰুৱা কৃষিভূমি উদ্ধাৰৰ স্বাৰ্থত নতুন কৃষক শ্ৰেণী অথবা মধ্যভোগী শ্ৰেণীৰ বিৰুদ্ধে বিশেষ প্ৰতিবাদ সাব্যস্ত কৰা নাছিল বা কৰাৰ অবকাশও নাছিল যদিও প্ৰায় ১৯৪০ৰ দশকৰ পৰা মধ্যভোগী শ্ৰেণীৰ বিৰুদ্ধে আৰু প্ৰায় ১৯৫০ৰ দশকৰ আৰম্ভণিৰ পৰা প্ৰবজনকাৰী বঙালীভাষী লোক সকলৰ বিৰুদ্ধে সাধাৰণ পৰ্যায়ৰ অসমৰ লোকে প্ৰতিবাদ মূখৰ হোৱা দেখা যায়। আনকি স্বধীনোত্তৰ কালৰ অসমত অসমীয়াভাষী আৰু বঙালীভাষী লোকৰ মাজত বিভিন্ন সংঘাট আৰু সংঘৰ্ষৰ কাৰণও এই ঐতিহাসিক প্ৰেক্ষাপটতেই নিহিত হৈ থকা আমি দেখিবলৈ পাওঁ।
ঐতিহাসিক প্ৰেক্ষাপটত অন্তনিৰ্হিত হৈ থকা এই দ্বন্দ বিলাকক সাৰথি কৰিয়েই অসমৰ জাতীয়তাবাদী চেতনা নিৰ্মানৰ কাৰ্যক্ৰমনিকাসমূহ আগবাঢ়িছিল।দেখা যায় যে, জাতীয়তাবাদী মতাদৰ্শই সদায় আকৌ যিকোনোধৰণৰ অনুপ্ৰবেশ আৰু অনুপ্ৰবেশকাৰীৰ বিৰোধী। তাতে আকৌ অসমৰ অনুপ্ৰবেশকাৰীৰ ইতিহাসত নিৰ্দিষ্ট শ্ৰেণীৰ ভিতৰতেই বঙালী-অসমীয়া, নতুন কৃষক শ্ৰেণী আৰু স্থানীয় কৃষক শ্ৰেণীৰ মাজত কেতবোৰ সু-স্পষ্ট দ্বন্দ ৰচনা কৰা বা দ্বন্দ প্ৰতিষ্ঠা কৰাৰ বাবে পৰ্যাপ্ত অবকাশ থকাৰ বাবেই স্বাধীনোত্তৰ কালৰ অসমত জাতীয়তাবাদী চেতনা নিৰ্মানৰ কাম অতি সুকলমে আৰু তৰিত গতিত আগবাঢ়ি গৈছিল। ১৯৬০ৰ দশকৰ ভাষা আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম আৰু ১৯৭০ৰ দশকৰ মাধ্যম আন্দোলনে অসমৰ জাতীয়তাবাদ নিৰ্মানৰ কামক যঠেষ্টদূৰ আগুৱাই নিয়ে। যদিও, বহু সময়ত অসমৰ বিদেশী সমস্যা আৰু অসমীয়া জাতীয়তাবাদক পৰিপূৰক ৰূপতো ব্যৱহাৰ কৰা দেখা যায় আৰু অসমৰ ভাষা, সাহিত্য আৰু সংসেকৃতিৰ প্ৰতি ইয়াকেই মূল প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰা দেখা যায়। সেয়েহে, অসমলৈ হোৱা বিদেশী অনুপ্ৰবজনৰ বিৰুদ্ধে অসমৰ মধ্যবিত্ত শ্ৰেণীয়ে আৰম্ভ কৰা অসম আন্দোলন (১৯৭৯-৮৫)ত জাতীয়তাবাদী ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছু ধুনীয়াকৈ খাপ খাই পৰে আৰু একেসময়তে অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে জাতীয়তাবাদৰ শাণিত অস্ত্ৰৰে বিদেশী সমস্যাক অসমৰ সকলো ৰাইজৰ সমস্যা বুলি কৃতকাৰ্যতাৰে প্ৰতিপন্ন কৰোৱাবলৈ সক্ষম হয় আৰু ওপৰত উল্লেখ কৰা সেই নিৰ্দিষ্ট ঐতিহাসিক কাৰণৰ পৰিপ্ৰেক্ষিতত অসমৰ সাধাৰণ শ্ৰেণীৰ লোকেও এই সমগ্ৰ সমস্যাটোক নিজৰ সমস্যা বুলি ভাবি ব্যাপক হাৰত অসম আন্দোলনত অংশগ্ৰহন কৰিবলৈ বাধ্য হয়। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পৰবৰ্তী পৰ্যায়ত নাগৰিকত্ব সংশোধনী আইনে অসমীয়া জাতীয়তাবাদৰ মূল ভেটিটোতে সজোৰে আক্ৰমন কৰিছে। কিয়নো, আমি দেখা পাইছো যে, স্বাধীনোত্তৰ কালৰ অসম বিশেষকৈ আশীৰ দশকৰ আৰম্ভনিৰে পৰা অসমৰ ৰাজনীতিত বিশেষ ভাবে তাৎপৰ্য্য বহন কৰি অহা বিদেশী সমস্যাক সম্পূৰ্ণ ৰূপে আওকান কৰি উক্ত আইনে অবৈধভাবে অসমত বসবাস কৰি অহা বিদেশিক তাতে আকৌ ধৰ্মীয় পৰিচয়ৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব খোজাটো জাতীয়তাবাদী চেতনাৰ সম্পূৰ্ণ পৰিপন্থী এটা কাৰ্য। অন্য এক কথাত কবলৈ গলে, জাতীয়তাবাদী ভাবধাৰাৰ অন্তনিহিত এক গুৰুত্বপূৰ্ণ উপাদানেই হল, ই সদায় অনুপ্ৰবেশকাৰীৰ বিৰোধী। এনেতে আকৌ ঐতিহাসিক অসম আন্দোলনে অসমৰ ৰাইজক এই জাতীয়তাবাদী ধাৰণাৰ সৈতে একাকীকত্ব কৰা প্ৰক্ৰিয়াতো এক প্ৰকাৰে সম্পাদন কৰি ৰাখিছিল। সেয়েহে দেখিবলৈ পাওঁ যে, সকলো প্ৰকাৰৰ সাংগঠনিক আৰু ৰাজনৈতিক পৰিসীমা অতিক্ৰম কৰি অসমৰ প্ৰায় প্ৰতিটো চুকে কোণে অসমৰ ৰাইজে স্বতস্ফুৰ্ত ভাবে আন্দোলনত অংশ গ্ৰহন কৰিছিল। কোনো এটা সংগঠনে নিৰ্দিষ্টকৈ এই আন্দোলনৰ নেতৃত্ব দিয়া নাছিল কিন্তু অসমৰ চাৰিওফালে আন্দোলনকাৰী সকলৰ মাজত ইয়াৰ প্ৰকৃতিৰ সম্পৰ্কতএক বিশেষ সাদৃশ্য দেখা পোৱা যায়। আমি প্ৰায়েই লক্ষ কৰিছো যে, আন্দোলনকাৰী সকলে চাৰিওফালে মূলত একেই শ্ল'গান, একেই আন্দোলনৰ কাৰ্যসূচী আনকি সকলো ঠাইতে জাতীয়তাবাদৰ প্ৰতিকীৰ ৰূপত ব্যাপক হাৰত অসমীয়া গামোচা, পৰম্পৰাগত পোচাক, লোক বাদ্য, লোক সংগীত আদি আন্দোলনৰ মজীয়াত ব্যবহাৰ কৰা দেখা যায়। ঠিক একেদৰে আন্দোলনকাৰী সকলে প্ৰতিখন ঠাইতে শাসনাধীস্থ দলৰ জনপ্ৰতিনিধি সকলক মূলত একে প্ৰকাৰে টাৰ্গেত কৰি লোৱা দেখা পোৱা গৈছিল। এই যি একাকিকত্ব (Uniformity) ই হৈছে মূলত জাতীয়তাবাদৰ আধাৰ আৰু এই আধাৰেই হৈছে উপৰত আমি উল্লেখ কৰা প্ৰশ্নৰ মূল উত্তৰ। যাৰ ফলত অসমৰ ৰাইজে স্বত-স্ফুৰ্তভাবে কা বিৰোধী আন্দোলনত ব্যাপকভাবে অংশগ্ৰহণ কৰি আহিছে।
পুলক গগৈ,
গবেষক ছাত্ৰ
বুৰঞ্জী বিভাগ ,ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোন নং ৯৭০৬৪১৮৬৫০
পুলক গগৈ,
গবেষক ছাত্ৰ
বুৰঞ্জী বিভাগ ,ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোন নং ৯৭০৬৪১৮৬৫০
ReplyForward
|
Comments
Post a Comment