আস্থাহীনতাৰ বিপৰীতে, গভীৰ আস্থাৰ গান
যোৱা কিছুদিনৰ পৰা সৰ্বত্ৰে চৰ্চা হৈ আহিছে এক নতুন উচ্চ শিক্ষাৰ ব্যৱস্থা যাৰ নাম হৈছে চি বি চি এছ [Choice Based Credit System]৷ যদিও এই ব্যৱস্থা দিল্লী বিশ্ববিদ্যালয়কে আদি কৰি আন বহু বিশ্ববিদ্যালয়ত ২০১৫ চনৰ পৰাই প্ৰৱৰ্তন হৈ আহিছে, তথাপিও গুৱাহাটী বিশ্ববিদ্যালয়ত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে প্ৰযোজ্য কৰা হ’ব এই ব্যৱস্থা৷ আচলতে ভাৰতবৰ্ষৰ উচ্চ শিক্ষা ব্যৱস্থাত ২০১০ চনৰ পৰাই কিছু নতুন নতুন ‘experiment’ হৈ আছে৷ ২০১০ চনত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়সমূহৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত ষান্মাসিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়৷ ইয়াৰে প্ৰায় এক বছৰ পাছত অৰ্থাৎ ২০১১ চনৰ পৰা ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়টো ষান্মাসিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে৷ উল্লেখ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা অনুসৰি প্ৰস্তুত কৰা ‘উচ্চ শিক্ষাৰ আৱশ্যকীয় আৰু ক্ষিপ্ৰ বিদ্যায়তনিক আৰু প্ৰশাসনিক সংশোধন’-ৰ উপদেশমৰ্মে ভাৰতবৰ্ষতো ষাণ্মাসিক ব্যৱস্থা অনা হৈছিল৷ অনা হৈছিল বুলি এইকাৰণেই কোৱা হৈছে কাৰণ আমেৰিকাকে ধৰি আন বহু উন্নত দেশত এই ব্যৱস্থা বহু আগৰে পৰাই চলি আহিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই উচ্চ শিক্ষা সংস্কাৰৰ উপদেশনামাত তেতিয়াই চি বি চি এছৰ কথা লিখা হৈছিল যদিও প্ৰায় পাঁচ বছৰমান পাছতহে এই ব্যৱস্থা দিল্লী বিশ্ববিদ্যালয়কে ধৰি আন বিশ্ববিদ্যালয়ত প্ৰৱৰ্তিত হয়৷ ২০১৫ চনত যেতিয়া দিল্লী বিশ্ববিদ্যালয়ত চি বি চি এছ অনাৰ কথা কোৱা হৈছিল, তেতিয়া তাৰ ছাত্ৰ আৰু শিক্ষক সমাজে একত্ৰিতভাৱে ইয়াৰ বিৰোধিতা কৰিছিল৷ দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক গণভোটত ৯৩% ছাত্ৰ-ছাত্ৰীয়ে চি বি চি এছ বাতিল কৰিবৰ বাবে মত দিছিল৷ তেওঁলোকে বহু দফীয়া দাবী লৈ ইয়াৰ বিৰোধিতা কৰিছিল যদিও ইয়াৰে প্ৰধান বিৰোধিতাৰ কাৰণ আছিল পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ৷ এই অভাৱৰ কথা ষান্মাসিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সময়তেই বহু ছাত্ৰ সংগঠনে আঙুলিয়াই দিছিল যদিও এই অভাৱ দূৰ কৰাত চৰকাৰৰ বিশেষ তৎপৰতা দেখা নগ’ল৷ প্ৰায় একেই সময়তেই দিল্লী বিশ্ববিদ্যালয়ত তিনি বছৰীয়া ডিগ্ৰী গুচাই চাৰিবছৰীয়া ডিগ্ৰীৰ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ উঠিপৰি লাগিছিল যদিও ছাত্ৰ-শিক্ষকৰ ঐক্যবদ্ধ প্ৰতিৰোধৰ ফলত পুনৰ তিনিবছৰীয়া স্নাতক ডিগ্ৰীলৈ ঘূৰি যায়৷
এইয়া হৈছে যোৱা প্ৰায় দহ বছৰৰ উচ্ছ শিক্ষাত আনিব বিচৰা সংস্কাৰৰ এক চমু আভাস৷ এতিয়া আহোঁ অসমৰ প্ৰথমখন আৰু আটাইতকৈ পুৰণা বিশ্ববিদ্যালয়খনলৈ৷ আৰম্ভণিৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলত উচ্চ শিক্ষা প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে৷ ২০১১ চনত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে ষান্মাসিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, তেতিয়া এক মিশ্ৰিত সঁহাৰি ছাত্ৰ আৰু শিক্ষক সমাজৰ পৰা পোৱা দেখা গৈছিল৷ কিছুমানৰ মতে এই ব্যৱস্থা আছিল বিজ্ঞানসন্মত আৰু প্ৰগতিবাদী আৰু আন কিছুমানৰ মতে পৰ্যাপ্ত আন্তঃগাঁথনি অবিহনে এই ব্যৱস্থা অচল৷ ষান্মাসিক ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰায় আঠ বছৰ অতিক্ৰম হ’ল৷ এতিয়া যদি এই আঠ বছৰ আমি ঘূৰি চাওঁ, তেন্তে দেখিম যে এই আঠ বছৰ বহু বিশৃংখলতা আৰু খামখেয়ালিৰে ভৰা৷ ষান্মাসিক ব্যৱস্থা প্ৰৱৰ্তনৰ আঠ বছৰ পিছতো এতিয়াও স্নাতক পৰ্যায়ত ফলাফল ঘোষণা কৰিবলৈ লাগে চাৰি-পাঁচ মাহ৷ ইয়াৰ অৰ্থ এয়াই যে এজন ছাত্ৰৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল প্ৰায় দ্বিতীয় ষান্মাসি¸কৰ শেষৰ ফালে ঘোষণা কৰা দেখা যায়৷ ইয়াৰ উপৰি ফলাফল ঘোষণা কৰাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই৷ গুৱাহাটী বিশ্ববিদ্যালয়ে কেতিয়াবা যদি দুই-তিনি মাহত ফলাফল দিয়ে, কেতিয়াবা আকৌ আন এটা ষান্মাসিকৰ ফলাফল দিয়ে চাৰি-পাঁচ মাহ পিছত৷ ফলাফল ঘোষণাৰ পিছতো দেখা যায় ব্যাপক খেলিমেলি৷ বহুতৰ ফলাফল কোনো কাৰণ নোহোৱাকৈ withheld বুলি আহে৷ কিছুমানৰ আকৌ সকলো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো অনুপস্থিত দেখুৱায়৷ এইবোৰ শুদ্ধ কৰিবলৈ আৰু কিমান মাহ লাগে, কিমান ক্লাছ ক্ষতি কৰি কৰি ইউনিভাৰ্চিটিলৈ দৌৰিব লগা হয়– সেয়া নক’লেও হ’ব৷ ফলাফলৰ ঘোষণাৰ ইয়াতকৈও বেয়া কথাটো হৈছে যে এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীৰ ‘বেক্’ লাগে৷ যোৱা মে’ মাহত হৈ যোৱা স্নাতক কলা শাখাৰ দ্বিতীয় ষান্মাসিক [সাধাৰণ]-ৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩৪.৭১ শতাংশ৷ ঠিক তেনেদৰে ২০১৮ চনৰ নৱেম্বৰ মাহত হৈ যোৱা স্নাতক বিজ্ঞান শাখা [সাধাৰণ]-ৰ তৃতীয় ষান্মসিক পৰীক্ষাত ৩৬.৪৩ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে৷ এনে আৰু বহু উদাহৰণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা লৈ দিব পাৰি৷ ইয়াৰ অৰ্থ কি? ষান্মাসিক ব্যৱস্থা যিমানেই বিজ্ঞানসন্মত নহ’লেও ক’ৰবাত কিবা ভুল হৈ যোৱা নাইনে? নিশ্চয় হৈছে । সেই ভুল হৈছে অদূৰদৰ্শিতাৰ৷ পৰ্যাপ্ত আন্তঃগাঁথনি, শিক্ষক নিযুক্তি নিদি এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰেই পৰিণতি এয়া৷ যিসমূহ বিশ্ববিদ্যালয়ত ষান্মাসিক ব্যৱস্থা সুচাৰুৰূপে চলি আছে, সেয়া চলি থকাৰ মূল কাৰণটিয়েই হৈছে পৰ্যাপ্ত শিক্ষক আৰু আন্তঃগাঁথনি৷ গুৱাহাটী বিশ্ববিদ্যালয়ে যি ষান্মাসিক ব্যৱস্থা হঠাতে আনি উচ্চ শিক্ষাৰ এক আমূল পৰিৱৰ্তন কৰিব বিচাৰিছিল, সেই ষান্মাসিক ব্যৱস্থাতেই ‘বেক্’ পৰীক্ষা অনুষ্ঠিত হয় প্ৰায় এবছৰ পিছত৷ ই কিদৰে যুক্তিসংগত অথবা বৈজ্ঞানিক? অসমত এতিয়াও এনে বহু মহাবিদ্যালয় আছে য’ত এটা বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে এদিন একলগে ক্লাছ কৰিবলৈ আহিলে, বহিবলৈ ঠাই নুজুৰিব৷ এয়া হৈছে বৰ্তমান অসমৰ উচ্ছ শিক্ষাৰ স্বৰূপ৷ ইফালে ‘নাঁও বুৰিলেও টিঙৰ পৰা ননমা’ দৃষ্টিভংগী লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে এটাৰ পাছত আন এটা ব্যৱস্থা আনি গৈ আছে৷ এইবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত চি বি চি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে৷ এয়া আন এক পদ্ধতি যাৰ দ্বাৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে ৰাজনৈতিক বিজ্ঞানৰ সৈতে পদাৰ্থ বিজ্ঞান বা প্ৰাণীবিজ্ঞানৰ সৈতে সংগীত বিষয়ক বা ইতিহাস এই সকলোবোৰ পঢ়িব পাৰিব৷ শুনিবলৈ ভাল, পিছে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু পৰ্যাপ্ত শিক্ষক যিকোনো ব্যৱস্থাৰে ভেটি স্বৰূপ৷ যিসময়ত ঠিকাভিত্তিক নিযুক্তি দিয়া শিক্ষকে মহাবিদ্যালয়সমূহত ক্লাছ কৰাই থাকিবলগীয়া হৈছে [তাৰ পিছতো শিক্ষকৰ অভাৱত বহু মহাবিদ্যালয়ত ক্লাছ নহয়], সেই সময়ত আন এক নতুন পদ্ধতি [চি বি ছি এছ] অৱলম্বন? ই কোনো কাৰণতেই বিজ্ঞানসন্মত হ’ব নোৱাৰে৷ যিসকলে চি বি চি এছৰ বিষয়ে জানে, তেওঁলোকে হয়টো বুজিব এই পদ্ধতিত কোনো বিষয়ত ক্ৰেডিট অৰ্জন কৰিবলৈ ক্লাছত উপস্থিত থকা কিমান প্ৰয়োজন৷ কিয়নো এটা বিষয়ৰ ওপৰত জ্ঞান লাভ কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰি অন্ততঃ এটা ষান্মাসিকত ৯০ দিন ক্লাছ হোৱাটো বাঞ্ছনীয়৷ কিন্তু বাস্তৱত বৰ্তমানৰ ব্যৱস্থাত অসমৰ মহাবিদ্যালয়বোৰত ৫০-৬০ দিন ক্লাছ হয়৷ তেনে অৱস্থাত এজন ছাত্ৰ বা ছাত্ৰীয়ে এটা বিষয়ৰ ওপৰত কেনেকৈ সম্পূৰ্ণ জ্ঞান লাভ কৰিব? ইয়াৰ বাদেও চি বি চি এছ ব্যৱস্থাত এক ইউনিফৰ্ম গ্ৰেডিং ব্যৱস্থাৰ কথা বিশ্ববিদ্যালয় অনুদান আয়োগে কৈছে৷ ইয়াৰ দ্বাৰা এক একে ধৰণৰ গ্ৰেডিং পদ্ধতিৰে সকলো বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ মূল্যাঙ্কন কৰা হ’ব৷ বিশ্ববিদ্যালয় অনুদান আয়োগে নিজৰ চি বি ছি এছ নিৰ্দেশনাত লিখিছে যে ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে এখন বিশ্ববিদ্যালয়ৰ পৰা আন এখনলৈ সহজেই যাব পাৰিব তথা বাহিৰৰ বিশ্ববিদ্যালয়লৈও যাব পাৰিব৷ পিছে আচৰিতভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ ছাত্ৰ-ছাত্ৰীসকলক জ্ঞানৰ পৰিধি জুখিবলৈ তেওঁলোকৰ এক নিজৰ পদ্ধতি ব্যৱহাৰ কৰা দেখা গৈছে৷ সেই পদ্ধতি ২০১৬-১৭ চনৰ সময়ত দিল্লী বিশ্ববিদ্যালয়ত ব্যৱহাৰ হ’বলগীয়া গ্ৰেডিং পদ্ধতিৰ সৈতে একেই৷ এই ব্যৱস্থা পিছে ত্ৰুটিমুক্ত নহয়৷ কিয়নো, এই গ্ৰেডিং ব্যৱস্থাই এজন ৯০ পোৱা ছাত্ৰ বা ছাত্ৰীৰ গ্ৰেড ৬ বা B গ্ৰেডিঙলৈ নমাই আনিব পাৰে৷ (এছ এফ আইৰ হেঁচাৰ ফলত ইতিমধ্যে এই পদ্ধতিক শুদ্ধ কৰাৰ ব্যৱস্থা বিশ্ববিদ্যালয় কর্তৃপক্ষই হাতত লৈছে) আমি এই চি বি চি এছৰ নীতিগতভাৱে বিৰোধ কৰোঁ৷ আমাৰ মত এয়ে যে চৰকাৰে উচ্চ শিক্ষা ব্যৱস্থা প্ৰণালীবদ্ধভাৱে ধ্বংস কৰাক লৈ যো-জা কৰিছে। ইতিমধ্যে প্ৰাথমিক শিক্ষাখণ্ড ধবংসস্তূপত পৰিণত হৈছে৷ ইয়াৰ ফলত প্ৰাথমিক শিক্ষাৰ ব্যক্তিগতকৰণ তীব্ৰগতিত হৈছে৷ এতিয়া প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানৰ আধিপত্য, চৌদিশে কিড্জী, প্লে স্কুলৰ সমাহাৰ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজহুৱা শিক্ষাখণ্ডৰ মহাবিদ্যালয়বোৰৰ ওপৰত জনসাধাৰণৰ এটা বিশ্বাস এতিয়াও আছে যদিও সেয়াও লাহে লাহে শেষ হৈ আহিছে৷ পৰ্যাপ্ত আন্তঃগাঁথনি নোহোৱাকৈ ঐতিহ্যমণ্ডিত কটন কলেজক খুব কম সময়তেই কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় আৰু শেষত কটন বিশ্ববিদ্যালয় কৰিলে৷ কলেজৰ পৰা বিশ্ববিদ্যালয় হ’ল, কিন্তু আন্তঃগাঁথনি একেই থাকিল৷ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যালয়সমূহ ধ্বংস কৰাৰ এক যো-জা চলিছে৷ হকে-বিহকে নতুন ব্যৱস্থা, গ্ৰেডিং পদ্ধতি আনি, ফলাফল ঘোষণাত ব্যাপক খেলিমেলি কৰি বিশ্ববিদ্যালয়ৰ ওপৰত থকা সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ আস্থা হেৰুওৱাৰ উপক্ৰম হৈছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত ৯১খন মহাবিদ্যালয় থাকোঁতেও সুচাৰুৰূপে চি বি চি এছ প্ৰৱৰ্তন কৰিব পৰা হোৱা নাই৷ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছে ২৪৯খন মহাবিদ্যালয়৷ কথাবোৰ ভাবিবৰ হ’ল৷ ছাত্ৰ সমাজ, বৌদ্ধিক সমাজে আন সকলোবোৰ কথাত মাত মাতি থাকোতেই প্ৰাথমিক শিক্ষা ব্যৱস্থা ধ্বংস হ’ল৷ সেই ভুল পুনৰাই কৰিবলৈ দিব নোৱাৰি৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ চি বি চি এছৰ ওপৰত থকা টোকাত তেওঁলোকে লিখিছে “The uniform grading system will also enable potential employers in assessing the performance of the candidates.” আমাৰ কথা– বিশ্ববিদ্যালয় হৈছে মানৱ সম্পদ গঢ়াৰ আহিলা৷ শিক্ষা ব্যৱস্থাক এনেকৈ বজাৰমুখী কৰি দিয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়৷ শিক্ষাৰ গুণগত মানদণ্ড বঢ়োৱাৰ কথা নাভাবি, সম্ভাব্য নিযুক্তিকাৰীসকলৰ কথা ভবাটো সঠিক নহয়৷ শিক্ষাৰ ব্যক্তিগতকৰণ, বাণিজ্যিকীকৰণৰ পৰা বচোৱাৰ দায়িত্ব আমাৰ৷ গুৱাহাটী বিশ্ববিদ্যলয়ৰ উপাচাৰ্য ডাঙৰীয়াই কথাবোৰ ছাত্ৰ সমাজৰ হকে ভাবি চাব বুলি আশা কৰিলোঁ৷ ৰাজহুৱা শিক্ষা ব্যৱস্থাক যিমানেই আস্থাহীন কৰিব নিবিচাৰক কিয়, এই আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গাই যোৱা হ’ব৷ জয়তু গুৱাহাটী বিশ্ববিদ্যালয়৷
সুস্মিত ইচ্ফাক
ছাত্ৰ
ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, অসম
ফোন :৮৮৭৬৭-০৪২০০
ফোন :৮৮৭৬৭-০৪২০০
Comments
Post a Comment