তৃতীয় ভেনগগ


গা কাগজৰ ৰঙখিনিৰে ভেনগগ উঠি আহিছে। উঠি আহিছে দৰিদ্ৰতা, অপুষ্টি আৰু এখন কটা কাণ লৈ মোৰ প্ৰিয়তম শিল্পীজন। ভিচেণ্ট ভেনগগ ।বেৰত ওলমি থকাৰ পৰাই মিছিকিয়ালে তেওঁ।

ব্ৰাছডাল পানীখিনিত জবুৰিয়াই ভাবি থাকিলো থিউলৈ ভেনগগে লিখা চিঠিখনৰ কথা। মই কালৈ চিঠি লিখিম! সহোদৰ পুলকলৈ নিজৰ ওপৰতে হাঁহি উঠি গ'ল। পুলকলৈ চিঠি। পুলক থিউ নহয়। পুলক পুলকেই। আকৌ ব্ৰাছডালত চকু থলো।

থিউ। আস প্ৰিয়তম সহোদৰ মোৰ প্ৰাণৰ প্ৰিয়তম শিল্পীৰ। ভেনগগৰ সহোদৰ।


Portrait of Dr. Gachet

ভোকাতুৰ এজন চিত্ৰশিল্পীৰ বাবে আদৰ্শ ভেনগগ। ফুটপাথৰ ভিক্ষাৰী এজনৰ বাবেও। ভোকতো সুখৰে হাঁহি থকাৰ আদৰ্শ। যাৰ মৃত্যু নাই। পানীৰ দৰে সৰল, গান্ধীৰ দৰে নিকা..

মোৰ বাবে প্ৰাণতকৈয়ো আপোন। ৰঙবোৰ নষ্ট নকৰিবা। ৰংবোৰৰ বহুত বেছি দাম আছে। বেৰত ওলমি থকাৰ পৰা ভেনগগে মাত দিলে। ৰংবোৰৰে ভাল। লিংগবিহীন, ধৰ্মবিহীন, জাতিবিহীন। ৰং ৰঙেই। এনেকুৱা মূহূৰ্তবোৰত মোৰ ৰমেনদালৈ মনত পৰে। চিত্ৰকলাৰ প্ৰথম গুৰু মোৰ।

‘ছবি এখন আঁকাতেই চিত্ৰশিল্পীৰ সাৰ্থকতা নাথাকে। যেতিয়ালৈকে দৰ্শকে ছবিখন গ্ৰহণ নকৰে।'– ৰমেনদাই কৈছিল।

ছবিৰ ব্যাকৰণ শিকাৰ দিনৰ কথা। মোৰ হাতখন হয়তো ভাল আছিল... একেপাকতে আম অথবা কঠাল পাত এটা আঁকিছিলো। লগৰীয়াবোৰে চকুকেইটা ডাঙৰ কৰি চাইছিল মোৰ ছবিবোৰ..। ৰমেনদাৰ পৰা শিকিছিলো ৰংবোৰ বোলাবলৈ। ৰামধেনুৰ পৃথিৱীখনৰ চিনাকি হৈ গৈ আছিলো।

‘ৰংবোৰে তোমাক কাহানিও বিশ্বাসঘাটকতা নকৰে।' ভেনগগে আকৌ মাত দিলে। ব্ৰাচডাল পানীত জুবুৰিয়াই আকৌ ভাবিবলৈ ধৰিলো কি আঁকো। আঁকিবলৈতো বহুত আছে। শোষিত-নিষ্পেষিত মুখবোৰ দৰিদ্ৰতাই কোঙা কৰা ভগ্ন জুপুৰীবোৰ নে অন্ধকাৰ গলিবোৰ যত কিনাবেচা হয় মানুহৰ মঙহ। আজি বাৰে বাৰে ৰৈ গৈছো। ছবি এখন আঁকিবলৈ। ৰঙবোৰেওচোন বিশ্বাসঘাটকতা কৰিছে মোক আজি। বিশ্বস্ত সংগীয়েও। অৱশ্যে বিশ্বাসহীনতাৰ নাটকখনৰ মই এক নিপুন অভিনেতা। দেউতাৰ পাছত বিশ্বাস কৰিব পৰাকৈ পৃথিৱীত দ্বতীয় এজন ব্যক্তি নাই। মাৰ মুখখন মনতেই নপৰে। কিমান দিন হ'ল মাক হেৰুওৱা মনত নাই। মনত নাই মমতাময়ী মহিয়সীৰ মুখখন।

দীঘল চুলি কোছাত বেণ্ড এডাল মাৰি ল'লো। সৰুৰে পৰাই দীঘল চুলি, দীঘল নখ ইত্যাদিৰ প্ৰতি মোৰ তীব্ৰ হাবিয়াস। মনে মনে লুকাই-চুৰকৈ বাইদেউৰ কাপোৰ পিন্ধি আইনাৰ সন্মুখত ৰও। সেয়া যেন মই নহয়। আন কোনোবা। প্ৰেমত পৰিবলৈ ল'লো সেই সত্বাটোৰ। আইনাৰ লগত। বাইদেউৰ ৰঙা লিপষ্টিক আৰু কাজলৰ টেমাটোৰ লগত... লাহে লাহে মোৰ সত্বাটো ভাল লাগিবলৈ লৈছিল। মই নিজৰ মাজত পুহি ৰখা সত্বাটো যেন মই নহয়। পুৰুষক মই সহ্য কৰিব নোৱাৰা হৈছিলো। নাৰীয়ে ভাল। কোমল, আবেলিগ, মৰমিয়াল...। ৰাতি ৰাতি সপোনত দেখো মোৰো পুৰুষাংগটো নোহোৱা হৈ গৈছে। খহি পৰিছে মোৰ পুৰুষত্ব। মোৰ সত্বাটো ৰূপান্তৰ হৈছে ...

লাহে লাহে ফিচিঙা-ফিচিঙিবোৰ বহি আহিছিল সমনীয়াৰ। মোৰ গাৰ কাপোৰ টানি আজুৰি ভেঙুচালি কৰাৰ প্ৰয়াস কৰে, এই দিনবোৰত মোৰ বাবে এক দৃঢ় প্ৰাচীৰৰ দৰে কাম কৰিছিল ৰমেনদা আৰু অংকুৰ মহন্ত ছাৰ।

মহন্ত চাৰকে আঁকো নেকি· ভেনগগক সুধিলো। নাই একো নামাতিলে ভেনগগে। ছাৰক আঁকিম বুলি ভাবি মনত পেলাব ধৰিলো ছাৰৰ ফ্ৰেন্সকাট দাঢ়ি, ডাঠ ফ্ৰেমৰ চচমা আৰু মুখত অনবৰত পিন্ধি থকা হাঁহিটো. অংকবোৰ মোৰ বাবে লৰাব নোৱাৰা পাহাৰ আছিল। অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, বীজগণিতে মোৰ লগত ঘোষণা কৰিছিল তৃতীয় মহাসমৰ।এদিন দেউতাক কৈছিলো। দেউতা অংক মই নোৱাৰো। দেউতাই চাইকেলৰ অগত বহুৱাই মহন্ত ছাৰৰ ওচৰলৈ লৈ গৈছিল। মহন্ত ছাৰৰ মাকৰ কোলাত সোমাই মই শুনিছিলো দেউতাৰ কথাবোৰ 'পুতুকণ! আমাৰ ইয়াক অংকটো অলপ দেখাই দিবাচোন। একেবাৰেই কেঁচা ই।'

ছাৰৰ মাকে কোমল হাতৰ তলুৱাখনেৰে মুখত হাত ফুৰাই ফুৰাই দেউতাক গালি পাৰি আছিল, ‘বিনন্দ। ল'ৰাপোৱালীটোক অলপ চাফাকৈ ৰাখিবিচোন, মূৰত চুলিয়ে জঁট বান্ধিছে দেখা নাই। কাণখ ফাঁকত মলি। মাক নোহোৱা ল'ৰা। মহন্ত ছাৰৰ মাকে গালত হাতফুৰাই আছিল মোৰ। ছাৰহঁতৰ পুখুৰীত চৰি থকা হাঁহৰ জাকটো চাই চাই মই ভাবি আছিলো এখন ছবি আঁকিম। পিছদিনাৰ পৰা মহন্ত ছাৰৰ ওচৰত অংক শিকিবলৈ গৈছিলো। সৰল অংকৰ দীৰ্ঘমাত্ৰাই তেতিয়া আৰুমোক ব্যতিব্যস্ত কৰিব পৰা নাছিল। লাহে লাহে অংকৰ পাহাৰখন বগাব পৰা হৈছিলোগৈ।

মহন্ত ছাৰক আঁকিবলৈ লৈ হঠাতে ৰৈ গ'লো। সেই দেওবৰীয়া দুপৰীয়াটোৰ কথা আকৌ ভাহিবলো। সেইদিনা মহন্ত ছাৰৰ মাক ঘৰত নাছিল। ছাৰো শুই আছিল মই গৈ পাওতে। মই আইতাৰ কোঠাত পিনাই ফুৰিছিলো আইতাৰ প্ৰসাধনৰ সামগ্ৰীবোৰৰ সন্ধানত। আইনাৰ সন্মুখত ৰৈ লাহে লাহে ওঁঠত বোলাব ধৰিছিলো লিপষ্টিক ডাল। আতোল তোলকৈ যেন এজন চিত্ৰকৰে কেনভাছত ৰংহে সানিছে।

চকুত কাজল লৈ থাকোতেই হঠাৎ মহন্ত ছাৰ সোমাই আহিছিল কোঠাটোলৈ। বিস্ফোৰিত চকুৰে চাইছিল মোলৈ। মোৰ বাৰ বছৰীয়া দেহটোৰ ফালে ৰ' লাগি চাই এপাকত গুপ্তাংগত ধৰি। কথাবোৰ মনত পেলাবলৈচোন মন যোৱা নাই। শকত-আবত থুলন্তৰ মানুহটোৱে এটা অজগৰৰ দৰে চেপিছিল মোক। ছাৰক আগতে মই মানুহ বুলি ভাবিছিলো, দেউতাৰ দৰে। কিন্তু ছাৰ যে পুৰুষ। পুৰুষসকল কেৱল পুৰুষ, মানুহ নহয়। দহমিনিটমান নৰক যন্ত্ৰণাত ভোগাৰ পাছত ছাৰৰ কোমল কোমল হাতৰ পৰশকণ কিবা অখজা লাগিব ধৰিছিল। তেতিয়াৰ পৰা কঠুৱা কঠুৱা লগা পুৰুষৰ হাতৰ পৰশবোৰৰ পৰা পলাব বিচাৰিছিলো। খুৰা, মামাহঁত আহিলে গালত চিকুটিব বুলি আইতাৰ কোলাত সোমাই আছিলো।

সহোদৰ পুলককহে মোতকৈ বেছি গুৰুত্ব দিয়ে সকলোৱে। যদিও মই তাতকৈ পৰীক্ষাত দুটা অংক বেছিকৈ কৰিছিলো, বিজ্ঞানৰ প্ৰতিসৰণ অথবা প্ৰতিফলনৰ সংজ্ঞাবোৰ ভালকৈ দিছিলো তথাপি মোৰ প্ৰতি সম্পৰ্কীয় মানুহবোৰৰ ভেঙুচালি বাঢ়ি আহিছিল। সকলোৱে তীৰ্যকভাৱে দৃষ্টি নিক্ষেপ কৰিছিল মোৰ শৰীৰত। ব্যংগ কৰিবলৈ সুযোগ বিচাৰে সকলোৱে।

কিন্তু তথাপি মই বেয়া পোৱা নাছিলো পুলকক। তাক প্ৰেক্টিকেলৰ ছবি আঁকি দিছিলো, গোট গোট আখৰেৰে তাৰ গৃহকাৰ্য কৰি দিছিলো। মোৰ সহোদৰ। মোতকৈ ডেৰ বছৰৰ সৰু সি। মোৰ দৰেই সি পাইছিল মাৰ উমাল গৰ্ভৰ আশ্ৰয়, পৰিয়ালৰ মৰম, আইতাৰ আশীৰ্বাদ কিন্তু পোৱা নাছিল দেউতাৰ আদৰ। মৰমেৰে বান্ধিবলৈ চাইছিলো তাক। কাৰণ দেউতাই তাকে মাৰ মৃত্যুৰ বাবে জগৰীয়া কৰি অৱহেলা কৰিছিল। বাইদেউ আৰু ময়ে তাৰ আপদাল কৰিছিলো। তথাপি সি মোক সহ্য কৰিব নোৱাৰে।

মই শান্তি নিকেতনলৈ অহাৰ পাছত তাৰ উপদ্ৰব বাঢ়িব লৈছিল। দেউতাক দকা-হকা দি টকা সৰকাই নিচাৰ আশ্ৰয় লৈছিল। এখন নেদেখা নদীৰ সিপাৰে থকা তাৰকাৰ জগতলৈ সি গৈ আছিল। য'ত নাই কোনো ৰং। মাথোন ঘনঘোৰ আন্ধাৰ।

ছবি আঁকিবলৈ বুলি শান্তি নিকেতনৰ বাকৰিত ভৰি দিয়াৰ পাছত ৰঙৰ জগতখন চিনাকী হৈ পৰিল পৰিতোষ, শুভ আৰু অনুৰূপাহঁতে চিনাই দিলে এক অন্য পৃথিৱীৰ লগত। সমতাৰ পৃথিৱীৰ লগত.... তথাপি সেই দিনবোৰতো মই দেখিছিলো শৈশৱত দেখা সপোনটো। প্ৰায় প্ৰতিদিনে দেখো সপোনটি... তাৰ পাছত আকৌ খেপিয়াই চাও নিম্নাংশ। কিন্তু সদম্ভে সি নিজৰ উপস্থিতি জাহিৰ কৰে...

‘আমি মনেৰ মতন পাগল পেলাম না

আমি তাইতে পাগল হলাম না...'

মোবাইলটো উচ্চস্বৰত বাজিবলৈ ধৰে। ঘূৰি আহিলো বৰ্তমানৰ পৃথিৱীলৈ। আঠাৱন্নটা মিছড কল। বাইদেউৰ পৰা... আচলতে নিজৰ মাজত ইমানে ডুবি আছিলো যে পাহৰি গৈছিলো সকলোবোৰ কথা। অহা মাহত মোৰ প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী আছে। তাৰ বাবে ব্যস্ত আছো। আগৰ অলেখ ছবি আছে যদিও নতুনকৈ কিবা এখন অকাৰ হেঁপাহে মোক ব্যাকুল কৰি পেলাইছে। কিন্তু আঁকো আঁকো বুলিছো একোৱেই আঁকিব পৰা নাই। বাইদেউলৈ ফোনটো লগালো।

: বিনয়। তই চাগে ব্যস্ত আছ ন·

: নাই ক'। এক্সিভিছনলৈ একমাহ আছে। তাতে লাগি আছো।

:বহুত ডাঙৰ কথা এটা হ'ল। আমাৰ সোণমণি নষ্ট হৈ গ'ল বুজিছ। ‘বাইদেউৰ মাতটো থোকা থুকি। যেন ‘ক আকো। সোণৰ কি হ'ল।'

‘সি বৰ নাৰকীয় কাম এটা কৰিলে বিনু। তই বাতৰি চা গম পাবি। মইনো কি স'তে কওঁ। ফোন একাণত ৰাখি হুৰ-মূৰকৈ আহি টিভিটো লগালো। অসমীয়া স্থানীয় বাতৰিৰ চেনেল এটাত। বিজ্ঞাপন দি আছে। চাবোনৰ বিজ্ঞাপন। অল্প বাসনা যুৱতী এগৰাকীয়ে চাবোন এটুকুৰাৰে গা ধোৱাৰ দৃশ্য। বিৰক্তিৰে চাই আছো। মোৰ টিভিত অসমীয়া বাতৰিৰ চেনেল এটাই আছে।

পাঁচ মিনিটমান ৰোৱাৰ পাছতে ঘোষিকাৰ উদাত্ত কণ্ঠত ভাঁহি আহিল, ‘এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰী ধৰ্ষণৰ অপৰাধত নৰ পিশাচ পুলক শৰ্মাক গ্ৰেপ্তাৰ। অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক প্ৰয়াত দিগম্বৰ শৰ্মাৰ পুত্ৰ পুলক।'

সেইকেইটা শব্দ নাছিল। শূন্য দূৰত্বৰ পৰা নিক্ষেপ কৰা এ কে ৪৭১ গুলীহে। চালনি কৰি পেলালে মোক। থবৰ থবৰ কৈ এটা শব্দই কাণত খুন্দিয়াই থাকিল। ধৰ্ষণকাৰী পুলক শৰ্মা।

আনটো মূৰত নিশ্চুপ হৈ ৰোৱা বাইদেৱে সোত সোতাই কৈছিল ‘আজিৰ পৰা মোৰ এটাই ভাই।' ফোনটো কাতি দিলে বাইদেৱে। মোৰো দুচকু ভিজিছিল ক্ৰমাৎ। বহু দিনৰ পাছত কান্দিছো। মথাউৰি ভগা পানীৰ দৰে ওলাই আহিল চকুলোবোৰ...

গা ধুবলৈ বুলি বাথৰুমত সোমালো। অলপ সময় বাথটাবত নিজকে এৰি দিলো। অকস্মাৎ কিবা এটা মনত পৰাৰ দৰে আহি ষ্টুডিঅ'ত সোমালোহি। ষ্টুডিঅ'ত থকা লাইফ চাইজ আইনাখনৰ সন্মুখত ৰৈ নিজকে খুটিয়াই চালো। মোক ভেঙুচালি কৰি নিম্নাংশত তেতিয়াও নিজৰ অৱস্থিতি জাহিৰ কৰি আছিল মই বেয়া পোৱা অংগটোৱে।

যাৰ বাবেই পুৰুষৰ অত দম্ভ-অহংকাৰ। পুৰুষ মানুহ হৈ নপৰাৰ মূৰ কাৰণ। পুলকৰ স্খলনৰ কাৰণ। মানৱীয়তাৰ পতনৰ কাৰণ।

আকৌ আইনাখনলৈ চালো। আইনাৰ সন্মুখত লৈ মুখত লিপষ্টিক বোলাবলৈ ল'লো। দুচকুত ডাঠকৈ কাজল লোৱাৰ পাছত আকৌ আইনালৈ চালো। আইনাৰ পৰা এতিয়া উঠি আহিল মোৰ মাজত থকা সত্বাটো। সেয়া বিনয় ভূষণ শৰ্মা। আসঃ নিজকে যেন আজি কিবা বেলেগ লাগিছে। গাত এক অজানা শিহৰণ অনুভৱ কৰিলো। আইনাৰ ওচৰৰ পৰা আহি কাপোৰ পিন্ধিলোহি। তেতিয়াও মনত লৈ আচো আইনাৰ সিপাৰে থকা বিনয় ভূষণ শৰ্মাক।

ফ্ৰীজত পৰা বিয়েৰৰ বটল এটা উলিয়াই ল'লো। মিউজিক চিষ্টেমত জুবিনৰ ভাল লগা গীত এটা লগাই কেনভাছৰ সন্মুখত ৰ'লো। এডাল এডালকৈ ব্ৰাচ তুলি ল'লো। মোক কেতিয়াও বিশ্বাসঘাটকতা নকৰা বন্ধ ইহঁতি। মোক ভোকত থাকিবলৈ নিদিয়া, মূৰৰ ওপৰত এখন চালি দিয়া বন্ধু। পুলকে সকলো পৈতৃক সম্পত্তি নিজে লৈ লোৱাৰ পাছত মোৰ একমাত্ৰ সম্পদ আছিল ইহঁতি।

কেনভাছত বহুদিনৰ মূৰত তুলিকা বোলালো। ৰংবোৰে প্ৰতাৰণা নকৰিলে। বটলটোৰ পৰা এধোক বিয়েৰ গিলি আকৌ আঁকিবলৈ ধৰিলো। দীঘল চুলি, নুনীৰ দৰে পূৰঠ ওঁঠ, দীঘল দীঘল নখেৰে সৈতে পাজি সেৰীয়া আঙুলি কেইটা। যি সত্ত্বাক অতদিনে লালন কৰি ৰাখিছো, তাক প্ৰাণ উজাৰি আকিলো। লিংগবিহীন ৰংবোৰে বিচৰণ কৰিবলৈ ধৰিলে বগা কাগজখনৰ মাজত। প্ৰায় আঁকি হোৱাৰ পাছত মই ক্ষন্তেক ৰ'লো। কিবা থাকি গ'ল নেকি! বুকুৰ সোমাজৰ তিলটো। চেলাউৰিৰ ওপৰৰ কটা ঘাঁ কণ আৰু ...

অহ নাকৰ ওপৰত থকা তিলটো থাকি গৈছিল। সেই দাগটোৱে আঁকি দিলো। তথাপি কিবা এটা আধৰুৱা আধৰুৱা হৈ আছিল। আকৌ বিয়েৰ এধোক মাৰি ভালকৈ খুটিয়াই চালো ছবিখন।

তেতিয়াও নিম্নাংশত সদম্ভে মোৰ শত্ৰুটোৱে উপস্থিতি জাহিৰ কৰি আছিলে। ব্ৰাছডাল কামুৰি থাকোতেই সেই সপোনটো দেখিলো। টোপনি নহাকৈয়ে। ক্ৰমশঃ যেন খহি গৈছে মোৰ পুৰুষাংগ আৰু তাত ৰামধেনুৰ আচ্ছাদন এখন ভাঁহি উঠিল। সাতৰহুী ৰঙৰ আৱৰণ।

ব্ৰাছডাল পানীত জুবুৰিয়াই এলেপা ৰং লৈ মোহাৰি দিব ধৰিলো পুৰুষত্বৰ দম্ভক। নাইকীয়া হৈ গ'ল, তাৰ ঠাইত জিলিকি থাকিল ৰামধেনু এখন।

মোৰ প্ৰতিকৃতি অঁকা ক্ৰমশঃ শেষ হৈ আহিল। তাত লিংগ নাছিল, জাতি নাছিল, ধৰ্ম নাছিল। আছিল এখন ৰামধেনু... আৰু মই লালন কৰা সপোনটো।

ছবিখন আঁকি বেৰত ওলমি থকা ভেনগগলৈ চালো।



কৌশিকৰঞ্জন বৰা
মাজুলী
ফোনঃ ৮৬৩৮৫৬৪৯৩৮

Comments