 |
Sketch Source: Internet |
শব্দই গঢ়ে
শব্দই ভাঙে
শব্দত হাঁহে
জীৱনে!
শব্দ নৈ হৈ বয়
দেখাবোৰত
শুনাবোৰত
ক'ত থাকে বিশ্বাস
মুখাৰ আঁৰত আন এখন মুখা থাকে
আনে নেদেখা
মুখাই হাঁহে
মুখাই কান্দে
মুখাই বিশ্বাসঘাটকতা কৰে
ক'ত লুকাই থাকে বিশ্বাস
মুখাৰ আঁৰত
শব্দবোৰত!
সান্তনা দাস
বশিষ্ঠ, গুৱাহাটী
Awesome poem.. keep it up😍
ReplyDelete