কন্যাকাল

Courtesy : Internet


পিৰালিৰ চুকত উচুপি আইক কথাটো কওঁতে
মোক সাতদিনৰ বাবে নিলগাই ৰখা হ'ল
জোন-বেলি-তৰাৰ পৰা
পুৰুষৰ কণ্ঠ উফৰি আহিব নোৱাৰাকৈ
বন্ধ কৰি দিয়া হ'ল বেৰৰ জলঙাবোৰ
খাবলৈ দিলে সেউজীয়া
চুবলৈ নিদিলে চুলি


মোৰ দৰে কথাটো ক'বলৈ
তাইৰ নাছিল আই
শুনিবলৈয়ো নাছিল কোনো আত্মীয়
সাতদিন তাই বহি থাকিল এটা ডাষ্টবিনৰ কাষত
বেলিয়েও চুলে, জোনেও চালে, তৰায়ো চালে।


বৰুণ ঠালিৰ মাজত মই সাতদিন শুলো
আনাকাটাৰে ঢাকিলো গা
আয়তীয়ে বুলালে হালধীয়া
ৰভাৰ চুকত আয়ে উচুপিলে গোপনে
মই ভৰুণ হ'লো।


এই চহৰৰ সমগ্ৰ পদপথত বিস্তৃত
তাইৰ শেতেলি
সাতদিন তাই তাতে শুৱে
কদৰ্য কাপোৰক নগনি স্বচ্ছ হৈ উঠে
তাইৰ বুকুৰ দুপাহি চম্পা
কামুক চকুবোৰো অহা-যোৱা কৰে
মোৰ দৰে তায়ো ভৰুণ হ'ল।



সাতদিনৰ দিনা এটা এটাকৈ
সাতোটি কানায়ে ফেঁকুৰে মোৰ কোলাত
বাৰীচুকৰ কলপুলিটোলৈ লাজ লাগি যায়
অজানিতে...



আইক সাৱতি ওৰে নিশা
আওৰালো সেই ৰাজকুমাৰৰ সাধুটো
পক্ষীৰাজত উঠি ৰাজকুমাৰ আহে,
মোলৈ চাই হাঁহে, বুকুৰ কদমজোপা জকমকাকৈ ফুলে।
এতিয়া সেই ৰাজকুমাৰৰ ময়েই ৰাজকুমাৰী
অসূৰ্যস্পৰ্শা।



সাতদিনৰ দিনা তাইৰ কোলাত নাকান্দে কানায়ে
কান্দে তাই, শুকান ওঁঠ খালী পেট
ৰাজকুমাৰৰ সাধুটো তাই কাহানিও শুনা নাছিল
তথাপিয়ো তাইৰ বুকুত নাচে এটা পয়া লগা সুৰে
শোতোৰা ছালৰ মানুহজনে দি যোৱা নোটখন চাই
তায়ো হাঁহে
এতিয়া তায়ো মানুহজনৰ ৰাজকুমাৰী
এৰাতিৰ বাবে...



লিজা বৰা
বি বৰুৱা কলেজ
গুৱাহাটী
ফোন : ৮৭২৪০৬১৬৮৫

Comments