বিপ্লৱী জ্যোতিপ্ৰসাদ


‘তোৰ আন্ধাৰ নাশিবলৈ, তোৰ বুকুতেই বিপ্লৱী হৈ জাগিম।'

বিপ্লৱী মনিষীৰ প্ৰতীক জ্যোতিপ্ৰসাদ আগৰৱালা আছিল অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ মহান পুৰোধা বিপ্লৱী শিল্পী। প্ৰগতিশীল ব্যক্তি মানেই বিপ্লৱী, কাৰণ বিপ্লৱৰ যোগেদিয়েই সমাজ আগবাঢ়ি যায়। হিংসাত্মক বা অহিংসাত্মক, সৰব বা নীৰৱ যিকোনো বিপ্লৱেই হ'ব পাৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই বিপ্লৱৰ গঠনমুখী আৰু প্ৰগতিশীল ভূমিকাক গভীৰভাৱে বিশ্বাস কৰিছিল আৰু সেই কাৰণেই আজীৱন বিপ্লৱৰ পথ অনুসৰণ কৰিছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনকাল অসমীয়া তথা ভাৰতীয় সমাজৰ আধুনিক যুগলৈ উত্তৰণৰ ঐতিহাসিক পৰ্যায়ৰ সমসাময়িক আছিল। সেই কালছোৱাত ভাৰতৰ স্বাধীনতা সংগ্ৰামে বিভিন্ন পৰীক্ষাৰ মাজেদি ব্যাপ্তি আৰু সমৃদ্ধি অৰ্জন কৰিছিল আৰু দেশ বিভাজন আৰু নাৰকীয় সাম্প্ৰদায়িক নৰমেধৰ মাজত অৰ্জন কৰিছিল বাঞ্ছিত স্বাধীনতাৰ দ্বিধা-সংশয় জড়িত আশীৰ্বাদ। জৱাহৰলাল নেহৰুৰ ভাষাত এয়া আছিল– ‘ভৱিষ্যতৰ সৈতে মিলন-মুহূৰ্ত' [Tryst with Destiny] ব্ৰিটিছ আমোলত অতিষ্ঠ দেশৰ জনসাধাৰণ আৰু ব্ৰিটিছবিৰোধী আন্দোলনৰ সৈতে জড়িত স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে একাগ্ৰ হৈ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা ‘আৱাহন' যুগৰ অন্যতম কাণ্ডাৰী ব্যক্তি। লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে জাতিয়ে আধুনিক অসমৰ অগ্ৰগণ্য ভাস্কৰ বুলি জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰে। সমাজৰ দ্বান্দ্বিক বিকাশে এহাতে মানুহক অসীম শক্তিৰ অধিকাৰী কৰিছিল, আনহাতে ভাতৃঘাতী হিংসাতেই সেই শক্তিৰ প্ৰবল প্ৰয়োগ ঘটাইছিল; এহাতে অপ্লাৱিত উৎপাদনেৰে ভোগলিপ্সা বৃদ্ধি কৰিছিল আৰু আনহাতে সেই ভোগ-বিলাসৰ মাজত কৰুণ অতৃপ্তি আৰু অৰুচিৰ ভাব জগাই তুলিছিল গান্ধীজীৰ পথেৰে ওৰে জীৱন শান্তি, অহিংসা, প্ৰেমনীতি আৰু অবাৰিত সৃষ্টিকৰ্মৰে পৰিচিত ভাৰতীয় তথা মানৱ সমাজ নকৈ গঢ়াৰ সপোন দেখা জ্যোতিপ্ৰসাদ আগৰৱালাই শেষ জীৱনত শোষক শ্ৰেণীৰ হৃদয় পৰিৱৰ্তন দুঃসাধ্য বুলি উপলব্ধি কৰি অন্য পথৰ সন্ধান দিছিল। সেই সময়তেই বামপন্থী মহলৰ সৈতে তেওঁৰ ঘনিষ্ঠতা গঢ় লৈ উঠিছিল। প্ৰগতিশীল অনুষ্ঠান আৰু আন্দোলনৰ মাজেৰে সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশিকতাবাদক পৰাধীন ভাৰতৰ প্ৰধান বিপদ তথা শত্ৰু বুলি চিনাক্ত কৰি শিক্ষিত প্ৰগতিশীল চামে চিন্তা-চৰ্চা আৰম্ভ কৰে আৰু বৌদ্ধিক ক্ষেত্ৰত প্ৰতিৰোধ আৰম্ভ কৰে। এই আটাইবোৰ পৰ্যায়ৰ প্ৰভাৱ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন, চিন্তা তথা ৰচনাত পৰিলক্ষিত হয়। স্কুলীয়া ছাত্ৰ হৈ থাকোতেই কান্ধত খদ্দৰৰ বোজা লৈ অসহযোগৰ স্বেচ্ছাসেৱকৰ ৰূপত জ্যোতিপ্ৰসাদ আগৰৱালাই গাঁৱলৈ গৈছিল। সৰলপ্ৰাণ চহা অসমীয়াৰ লগত তেনেকৈয়ে প্ৰথমতে স্থাপিত হৈছিল তেওঁৰ যোগাযোগ। ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ পৰা অমিয় কুমাৰ দাস, হেম বৰুৱা, বিষ্ণুৰাম মেধি আদি ডেকা নেতাসকলৰ দৰে তেৱোঁ জাতীয় আন্দোলনৰ নেতৃত্বলৈ আহে। এনে সময়তে অসমীয়া শিল্প, সাহিত্য-সংস্কৃতিলৈ তেওঁ তেওঁৰ অমূল্য অৱদান আগবঢ়ায়।


১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অগ্নিবৰ্ষী বক্তৃতাৰে জনগণক উত্তেজিত কৰি চৰম ত্যাগৰ বাবে উদ্বুদ্ধ কৰিছিল জ্যোতিপ্ৰসাদে। চৰকাৰে তেওঁক ‘পলাতক আচামী' ঘোষণা কৰিছিল আৰু তেওঁ কলকাতাত আশ্ৰয় লৈ গোপনে অসমৰ গণ সংগ্ৰামৰ আঁচনি কৰাত অংশগ্ৰহণ কৰিছিল।

এই জ্যোতিপ্ৰসাদেই নিভাঁজ থলুৱা সুৰৰ অসমীয়া গীত ৰচনা কৰি অসমীয়া সংগীত জগতত জোৱাৰ আনিছিল। আজিলৈকে শ্ৰেষ্ঠ অসমীয়া নাট বুলি পৰিচিত নাটকেইখন তেওঁৰেই ৰচনা।

স্বাধীনতাৰ ঠিক পিছমুহূৰ্তত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষণবোৰত মাৰ্ক্স, লেনিন, ৰুছ বিপ্লৱ আদিৰ প্ৰত্যক্ষ বা পৰোক্ষ উল্লেখ সঘনাই শুনা গৈছিল। সেইদৰে সমসাময়িক ঘটনাবলীৰ প্ৰতি তেওঁৰ বিৰাগ আৰু অধৈৰ্য অসন্তুষ্টিও গোপন হৈ থকা নাছিল। এইবোৰ ঘটনা আকস্মিক নাছিল। নিঃসন্দেহে এই নতুন চিন্তাধাৰাই তেওঁক প্ৰবলভাৱে আকৰ্ষণ কৰিছিল।

জীৱনৰ শেষ চাৰিটা বছৰ জ্যোতিপ্ৰসাদ আগৰৱালাই হেমাংস বিশ্বাস, নগেন কাকতি, মণি ভৌমিক আদি অবিভক্ত চি পি আইৰ মজলীয়া নেতাসকলৰ লগত ঘনিষ্ঠ হৈ পৰি মাৰ্ক্সবাদ সম্পৰ্কে পঢ়া-সুনা কৰিছিল। তেওঁৰ ভাষণ আৰু ৰচনাত তাৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হৈছে। শোষকশ্ৰেণীৰ অন্যায় আৰু শোষণৰ বিৰুদ্ধে গৰজি তেওঁ লিখিছিল–

‘কোনো দুখীয়াৰ ভাতমুঠি কাঢ়ি
সোণৰ কাঁহীত খাৱ
কোনে দুখিতৰ চকু টোপালেৰে
মুকুতাৰ মালা সিয়·'

– সমাজৰ সুবিধাভোগী শ্ৰেণীৰ স্বাৰ্থপৰতাত তেওঁ লিখিছে–

‘স্বাৰ্থ অন্ধলা ভূত পিশাচৰ
আন্ধাৰত যাথ জয়
আন্ধাৰত যি জীৱন বেহায়
পোহৰত যাৰ ক্ষয়,
তোৰ পোহৰৰ সাধুকথা
সি কি বুজি পাৱ·
গেলা-পচাত তৃপ্তি পোৱাই
জানো অমৃত খাব·'

আনহাতে তেওঁ উপলব্ধি কৰিছিল যে দুখ-বেজাৰত জ্বলা-কলা হৈ নিজৰ মহিমা নিজে চিনি নোপোৱা নিপীড়িত জনগণৰ মাজতে আছে তেওঁৰ এই গীতৰ নীৰৱ শ্ৰোতাঃ

‘অভিমান তোৰ মিছাকৈয়ে
বুলি তোৰ লগ নাই
তোৰ গান শুনি
হাজাৰে বিজাৰে,
আন্ধাৰে আন্ধাৰে
কতনা মানুহ
তোৰ গাতেই লাগি যায়...'

জনতাৰ এজন হৈ জনশক্তিৰ বৈজ্ঞানিক হৈ তেওঁ অৱশেষত জয় কৰিছে নিঃসংগতা আৰু বিচ্ছিন্নতাৰ বেদনা। তেওঁ হৈ পৰিছে বঞ্চিত, নিৰ্যাতিত জনৰ কণ্ঠঃ

‘মোৰ গাণ শুনি তই নতুন প্ৰাণ পাৱ
মোৰ সুৰেৰে তোৰ বেদনাৰ গানটো উদ্ধাৰি গাৱ
ছন্দত মোৰ জাগে সংঘাত
তাৰেই তই হানি আঘাত
তোক দলি পিহি যোৱা
ভ্ৰান্তি কৰ
ক্ৰান্তিৰে ধূলিসাৎ....।'

কিছুদিন গণনাট্য সংঘৰ সভাপতি হিচাপেও জ্যোতিপ্ৰসাদ আগৰৱালাই সেৱা আগবঢ়াইছিল। উল্লেখ্য যে গণনাট্য সংঘ আছিল মাৰ্ক্সবাদীসকলৰ দ্বাৰা আয়োজিত এটি সংঘ। জ্যোতিপ্ৰসাদ নিষ্পেষিত আৰু দলিত জনতাৰ হৈ গাণ্ডীৱ-টংকাৰ দিছিল যদিও কমিউনিষ্টপন্থীৰ Materialistic Interpretation গ্ৰহণ কৰা নাছিল। তেওঁ আছিল ভাববাদী। অৱশ্যে শেষৰ ৰচনাত সাম্যবাদৰ প্ৰতি আকৰ্ষণ স্থান বিশেষে প্ৰকাশ পাইছে। নৰনাৰায়ণৰূপী জনতাক ছলাহী কথাৰে ভুলাই আত্মস্বাৰ্থ পূৰণ কৰা তথাকথিত নেতাসকলৰ প্ৰতিও ভ্ৰূকুটিপূৰ্ণ সাৱধানবাণী কবিয়ে শুনাই গৈছে। তথাকথিত ৰাজনৈতিক নেতাসকলৰ ভণ্ডামিৰ প্ৰতি লক্ষ্য ৰাখিয়েই জ্যোতিপ্ৰসাদ আগৰৱালাই সেই তাহানিতেই সাৱধান কৰি গৈছে–

‘ৰাষ্ট্ৰনীতিৰ, সমাজনীতিৰ, ৰাজনীতিৰ, অৰ্থনীতিৰ তোৰ,
থৈ দে ফোপোলা জ্ঞান,
জনতা পূজাৰ ভাও দি ভাও দি
নেদেখুৱাবি তোৰ অহংকাৰৰ নেতৃত্বাভিমান,
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান।'

১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিৰাজিৰ বৰ্ণনা কেইটামান পৃষ্ঠাৰ মাজত আবদ্ধ কৰা তেনেই সঠিন। সাহিত্যচৰ্চা, শিল্প-সংস্কৃতিত তেওঁৰ অৱদানে জাতীয় গৰিমাক অসীম কৰি বিশ্ব দৰবাৰত অসমীয়া সমাজখনক প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। এই প্ৰবন্ধটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৈপ্লৱিক জীৱনৰ কিছু আভাস দিয়া চেষ্টা কৰা হৈছে।

এইগৰাকী মহান মণিষীয়ে ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ যদিও আমাৰ মাজত নাই, তেখেতৰ সৃষ্টিৰাজী সদায় ভোতাতৰাৰ দৰে জিলিকি থাকিব।



(১৭ জুনঃ ৰূপকোঁৱৰৰ ১১৬ সংখ্যক জন্মদিৱসত তেওঁৰ মহান কৰ্মৰাজিক সুঁৱৰি আমি বিস্মিত। আপোনাৰ– মোৰ অব্যৰ্থ যাত্ৰাৰ কামনাৰে)



ৰূপম দাস,
সৰভোগ
ফোনঃ ৯০৮৫৮৩৬১৮৮


Comments

Post a Comment