আমি নেদেখা, আমি জনা, আমি হ'ব বিচৰা– চে' গুৱেভাৰা
পৃথিৱীত ফুটবল খেলৰ বাবে বিখ্যাত মেচি-মাৰাড'নাৰ নাম ল'লেই সচৰাচৰ আমাৰ মনলৈ আহে লেটিন আমেৰিকান [দক্ষিণ আমেৰিকা] দেশ আৰ্জেণ্টিনাৰ কথা।
চন ১৯২৮, আৰ্জেণ্টিনাৰ ৰোজাৰিঅ' চহৰৰ বাসিন্দা এহাল দম্পতী ডন আৰ্ণেষ্টো গুৱেভাৰা আৰু চেলিয়া। জুন মাহ, সেই সময়ত প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড গৰম ক'বলৈ গ'লে ৰোজাৰীঅ'ত বৰষুণৰ কোনো নাম-গোন্ধ নাছিল। ঠিক তেনে দিনতেই আৰ্ণেষ্টো দম্পতীৰ প্ৰথম সন্তান প্ৰাপ্তিৰ সময়। সেইদিনা আছিল ১৪ জুন, হঠাৎ ফৰকাল আকাশখনত ক'লা ডাৱৰে আৱৰি ধৰিছিল আৰু সমগ্ৰ ৰোজাৰীঅ'বাসীৰ বাবে এজাক ধাৰাসাৰ বৰষুণ লৈ জন্মগ্ৰহণ কৰিছিল আৰ্ণেষ্টো দম্পতীৰ প্ৰথম সন্তানটিয়ে। যিহেতুকে ল'ৰা সন্তানৰ জন্ম হয়, গতিকে মাতৃ চেলিয়াই পূৰ্বতে ভাবি থোৱা পিতৃ ডন আৰ্ণেষ্টো গুৱেভাৰাৰ নামেৰে সন্তানটিৰ নাম ৰখা হৈছিল আৰ্ণেষ্টো গুৱেভাৰা।
ৰবাৰ্ট গুৱেভাৰা আৰু আনা লীঞ্চৰ এঘাৰটা সন্তানৰ ভিতৰত ষষ্ঠ সন্তান ডন আৰ্ণেষ্টো গুৱেভাৰা পেছাত এজন স্থপতিবিদ আছিল। আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত থাকি স্থপতিবিদ হিচাপে ডন আৰ্ণেষ্টোয়ে প্ৰচুৰ টকা-পইচা ঘটাৰ পাছত তেওঁ নিজকে চাহ ব্যৱসায়ী হিচাপে নিয়োজিত কৰিছিল আৰু খুব কম সময়ৰ ভিতৰতে প্ৰচুৰ ধন-সম্পত্তিৰ গৰাকী হৈ পৰিছিল। আনহাতে চেলিয়া আছিল বুয়েনছ আয়াছৰ অভেলেণ্ডা চহৰৰ আটাইতকৈ সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী। এগৰাকী অতি সাহসী তথা প্ৰগতিশীল মহিলা হিচাপে তেওঁৰ নাম আছিল লগতে ছাত্ৰী অৱস্থাৰ পৰাই তেওঁ নাৰী আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
সকলোৰে আদৰৰ আৰ্ণেষ্টো গুৱেভাৰাক মৰমতে টেটে নাম দিয়া হৈছিল। কিন্তু ডন আৰ্ণেষ্টো আৰু চেলিয়াৰ মৰমৰ টেটে মাত্ৰ দুবছৰ বয়সতে আক্ৰান্ত হৈছিল ভয়ংকৰ হাপানী ৰোগত। সেই সময়ত উপযুক্ত ঔষধ আবিষ্কাৰ নোহোৱাৰ ফলত জটিল হাপানী ৰোগত টেটে দুৰ্বল আৰু লেবেজান হৈ পৰিছিল। ৰুগীয়া শৰীৰৰ বাবে চাৰি বছৰ বয়সলৈ আৰ্ণেষ্টো টেটে গুৱেভাৰাক অভিভাৱকে বিদ্যালয়ত নামভৰ্তি কৰি দিব পৰা নাছিল, সেইবাবে মাতৃ চেলিয়াই টেটেক ঘৰতে বিদ্যালয়ৰ পাঠ্যক্ৰম পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল। পিতৃ ডন আৰ্ণেষ্টো গুৱেভাৰায়েও টেটৰ পঢ়াৰ সুবিধাৰ্থে ঘৰতে এটা পুথিভঁৰাল সাজি দিছিল। এখন-দুখনকৈ কিতাপ কিনোতে-কিনোতে অজস্ৰ কিতাপেৰে পুথিভঁৰালটো ভৰি পৰিছিল। দৰ্শন, বুৰঞ্জী, বিজ্ঞান, ৰাজনীতি, শিল্প-কলাৰ পৰা আৰম্ভ কৰি মনোবিজ্ঞানৰ কিতাপলৈ সেই ক্ষুদ্ৰ পুথিভঁৰালটোত উপলব্ধ আছিল। ইয়াৰ উপৰি তাত পোৱা গৈছিল মাৰ্ক্স, এংগেলছ, লেনিনৰ সমস্ত ৰচনাৱলী। মাতৃ চেলিয়াই পুত্ৰ টেটেক বিভিন্ন বিষয়ৰ কিতাপ বুজাই বুজাই পঢ়াইছিল। গতিকে খুব কম বয়সতে টেটে অগাধ জ্ঞানৰ অধিকাৰী হৈ পৰিছিল। যিহেতু শাৰীৰিক অসুস্থতাৰ বাবে আৰ্ণেষ্টো টেটে গুৱেভাৰায়ে প্ৰাথমিক স্কুলীয়া শিক্ষা ঘৰতে গ্ৰহণ কৰিছিল সেয়ে ১৪ বছৰ বয়সত একেবাৰে হাইস্কুলৰ ওপৰ খাপত নামভৰ্তি কৰিছিল। যদিও আৰ্ণেষ্ট টেটে গুৱেভাৰাই হাইস্কুলৰ শেষ স্তৰত নাম ভৰ্তি কৰিছিল, তথাপি নিজ বুদ্ধিমত্তা আৰু সকলোফালে আগবাঢ়ি অহা স্বভাৱৰ বাবে খুব কম সময়ৰ ভিতৰতে শিক্ষক-ছাত্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
ইতিমধ্যে স্কুলৰ লগৰীয়াসমূহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা টেটেৰ অসংখ্য বন্ধুৰ মাজতে এজন মনে মিলা বন্ধু আছিল থমাছ। দুয়ো একেলগে স্কুলৰ দেওনা পাৰ কৰি কলেজত নামভৰ্তি কৰিছিল। থমাছৰ এজন ককায়েক আছিল। নাম এলবাৰ্টো গ্ৰেণেডোছ। এলবাৰ্টোই ইতিমধ্যে বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচী শিক্ষাৰ ডিপ্লমা লৈ পাছ কৰি উঠিছিল। কিন্তু এজন ফাৰ্মাচিষ্ট হিচাপে কাম কৰি কৰি এলবাৰ্টোৰ আমনি লাগিছিল সেয়ে কুষ্ঠৰোগ নিৰাময়ৰ বিষয়টোক ‘মেজৰ' হিচাপে লৈ পুনৰ বিশ্ববিদ্যালয়ত তিনি বছৰৰ বাবে নামভৰ্তি কৰিছিল। সেই সময়তে তেওঁৰ পৰিচয় হৈছিল ভায়েকৰ বন্ধু টেটেৰ সৈতে। এদিন থমাছে ককায়েক এলবাৰ্টোক টেটেহঁতৰ ঘৰলৈ লৈ আনিছিল আৰু জটিলতাহীন, উচ্চ দৃষ্টিভংগীৰ কামে-বনে অসাধাৰণ, মৰমিয়াল, অতিথিপৰায়ণ গুৱেভাৰা পৰিয়ালটোৱে প্ৰথম সাক্ষাততে এলাবৰ্টোৰ মন মুহি পেলাইছিল। বিশেষকৈ অজস্ৰ বিখ্যাত বিখ্যাত কিতাপেৰে ভৰি থকা গুৱেভাৰা পৰিয়ালৰ পুথিভঁৰালটোৱে এলবাৰ্টোক দুগুণে আকৰ্ষিত কৰিছিল। ইয়াৰ উপৰি ভায়েকৰ বন্ধু টেটে নামৰ কণমানি ল'ৰাজন যি অগাধ জ্ঞানৰ অধিকাৰী আছিল। সেই কণমানি ৰুগীয়া ল'ৰাটোৱে যে মুকলিকৈ বহুত কিবাকিবি বিচাৰিছিল সেই কথাও এলবাৰ্টোয়ে ভালদৰে অনুমান কৰিব পাৰিছিল। এলবাৰ্টো সঘনে টেটেহঁতৰ ঘৰলৈ আহিব ধৰিছিল আৰু প্ৰায়ে পুথিভঁৰালটোৰ পৰা কিতাপ নি পঢ়িছিল। এনেকৈয়ে এলবাৰ্টো গুৱেভাৰা পৰিয়ালৰ আপোন হৈ পৰিছিল আৰু টেটেয়ো বয়সত ডাঙৰ হ'লেও এলবাৰ্টোৰ লগ ল'বলৈ ধৰিছিল। এলবাৰ্টোৰ কিতাপ পঢ়াৰ উপৰি নিচা আছিল প্ৰাকৃতিক শোভাৰে ভৰপূৰ হাবি-বননিত অনাই-বনাই ঘূৰি ফুৰা। তেওঁ টেটেকো নিজৰ লগত লৈ অলপ অলপকৈ প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত কৰিব ধৰিছিল। কাৰণ এলবাৰ্টোৱে জানিছিল টেটে ভয়ংকৰ হাপানী ৰোগত আক্ৰান্ত আৰু সেই সময়ত উপযুক্ত ঔষধ নোহোৱাৰ ফলত প্ৰকৃতিৰ বিশুদ্ধ তথা নিৰ্মল বায়ু সেৱন কৰাটোৱেই যে একমাত্ৰ বেমাৰটোক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। এইদৰে এলবাৰ্টোৰ লগত হাবিয়ে-বননিয়ে ঘূৰি ফুৰি টেটেই হাবিৰ গছৰ ডাল-পাতেৰে জুপুৰি সাজিবলৈ শিকিছিল, শুকান ডাল-পাতেৰে জুই জ্বলাবলৈ শিকিছিল আৰু চৰাই বা সৰু সৰু জন্তু মাৰি জুইত পুৰি পোৰা মাংসৰ সোৱাদ ল'বলৈ শিকিছিল। এলবাৰ্টোৰ লগত থাকিয়ে এলবাৰ্টোৰ মুখেৰে পোনপ্ৰথমবাৰৰ বাবে টেটেই ‘গেৰিলা' শব্দৰ সৈতে চিনাকি হৈছিল। ৰসাল এলবাৰ্টোৱে স্পেইনৰ গেৰিলাসকলৰ কথা, মেক্সিকো বিপ্লৱৰ গেৰিলা কৌশলৰ কথা বা চীন দেশৰ ৰেড আৰ্মীয়ে অৱলম্বন কৰা গেৰিলা কৌশলৰ কথা গাৰ নোম শিয়ঁৰি যোৱাকৈ টেটেক কৈছিল আৰু কণমানি টেটেই চকুৰ পিৰিকুটি নেপেলোৱাকৈ সকলো শুনিছিল। এলবাৰ্টোৰ মুখত এনে বিপ্লৱী যোদ্ধাৰ কথা শুনি কণমানি টেটেৰ মনটো জাগি উঠিছিল তেনে দুৰ্দান্ত সাহসী গেৰিলা সৈনিক যিয়ে শোষিত শ্ৰেণীক মুক্তিৰ বাট দেখুৱাই দিব। কোনে জানিছিল শৈশৱৰ এনে অভিজ্ঞতাই হয়তো আৰ্ণেষ্টো টেটে গুৱেভাৰাক আমি জনা দুৰ্দান্ত সাহসী চে গুৱেভাৰাজন হ'বলৈ অৰিহণা যোগাইছিল।
সময় আগবাঢ়ি গৈছিল। টেটেয়ো সুখ্যাতিৰে কলেজৰ পৰা উত্তীৰ্ণ হৈছিল। বাস্তৱ কথা যিদৰে সকলোকে বয়সত যৌৱনে আমনি কৰে সেইদৰে আৰ্ণেষ্টো টেটেকো যৌৱনে আমনি কৰিছিল। সেই সময়ত গুৱেভাৰা পৰিয়ালে আৰ্জেণ্টিনাৰ কাৰাডোবা নামৰ ঠাইত স্থায়ীভাৱে বাস কৰিছিল আৰু সেই কাৰডোবাৰ এঘৰ সম্ভ্ৰান্ত মানুহৰ এগৰাকী গাভৰুৰ সৈতে টেটেৰ পৰিচয় হৈছিল। নাম আছিল তাইৰ চিনচিনা। লাহে লহে টেটে আৰু চিনচিনাৰ মাজত যৌৱনৰ প্ৰেম গঢ়ি উঠিছিল। কিন্তু দুয়োৰে প্ৰেম বেছিদিন নিটিকিল আৰু ক্ষন্তেকীয়া প্ৰেমৰ অন্ত পৰিছিল। একে সময়তে টেটেৰ ভাতৃপ্ৰতিম বন্ধু এলবাৰ্টোৱে বিশ্ববিদ্যালয়ৰ পৰা তিনিবছৰীয়া ডিগ্ৰী সমাপ্ত কৰি কৰ্মসংস্থাপনৰ যো-জাত লাগিছিল। যিহেতু টেটেয়ো কলেজৰ দেওনা পাৰ কৰিছিল গতিকে পিতৃ ডন আৰ্ণেষ্টোয়ে পুত্ৰক ইঞ্জিনীয়াৰিং পঢ়ুৱাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল কিন্তু টেটেয়ে পিতৃৰ ইচ্ছাৰ বিপৰীতে ডাক্তৰি পঢ়িবলৈ হে ইচ্ছা প্ৰকাশ কৰিছিল। অৱশেষত পিতৃ ডন আৰ্ণেষ্টো পুত্ৰ টেটেৰ ইচ্ছাৰ সৈতে একমত হৈছিল আৰু ডাক্তৰি পঢ়িবলৈ অনুমতি দিছিল। তাত আকৌ কথা আছিল যে সেই সময়ত কাৰডোবাত ভাল মেডিকেল কলেজ নাছিল, মেডিকেল পঢ়িবলৈ হ'লে তেতিয়া ৰাজধানী বুয়েনছ আয়াছলৈ যাবলগীয়া হৈছিল। কিন্তু ৰুগীয়া টেটেক পিতৃ-মাতৃয়ে অকলে এৰি দিবলৈ সাহ কৰা নাছিল গতিকে তৃতীয়বাৰৰ বাবে গুৱেভাৰা পৰিয়ালে ঠাই সলাবলৈ বাধ্য হৈছিল। টেটে আহি বুয়েনছ আয়াছ মেডিকেল কলেজত নামভৰ্তি কৰিছিল আৰু তাৰে কিছুদিন পিছতে গুৱেভাৰা পৰিয়ালে কাৰাডোবাৰ সমস্ত সা-সম্পত্তি বিক্ৰী কৰি বুয়েনছ আয়াছলৈ আহি স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল।
চন ১৯৫১, টেটেৰ বয়স তেতিয়া ২৩ বছৰ আৰু বুয়েনছ আয়াছ মেডিকেল কলেজৰ শেষ বৰ্ষৰ ছাত্ৰ। তীক্ষ্ণ মেধাৱী গুণেৰে টেটে পুনৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এদিন হঠাৎ টেটেৰ স্কুলীয়া বন্ধু আৰু ভাতৃপ্ৰতিম বন্ধু এলবাৰ্টোৰ ভায়েক থমাছ টেটেহঁতৰ বুয়েনছ আয়াছৰ ঘৰলৈ আহিছিল। বহুদিনৰ অন্তত শৈশৱৰ বন্ধুক লগ পাই টেটে আপোন পাহৰা হৈছিল। নৈশ আহাৰৰ সময়ত থমাছে টেটেক তেওঁ বুয়েনছ আয়াছলৈ অহাৰ উদ্দেশ্য ভাঙি-পাতি কৈছিল যে ককায়েক এলবাৰ্টো সমগ্ৰ লেটিন আমেৰিকা ভ্ৰমণলৈ ওলাইছে গতিকে সেই ভ্ৰমণৰ লগৰীয়া হিচাপে এলবাৰ্টোৱে টেটেক বিচৰিছিল– আচলতে সেই কথাৰ বাবেহে এলবাৰ্টোৱে থমাছক পঠিয়াইছিল। থমাছৰ মুখেৰে কথাষাৰ শুনি টেটে বলিয়া হৈ পৰিছিল এনেয়েও ল'ৰালিৰ দিনৰে পৰা টেটেৰ ঠাই ফুৰিবলৈ বৰ হেঁপাহ আৰু হঠাৎ এলবাৰ্টোৰ পৰা অহা এনে প্ৰস্তাবে টেটেৰ ভৰি দাং খোৱাই দিছিল। পিছদিনা টেটে আৰু থমাছ দুয়ো বুয়েনছ আয়াৰ্ছৰ পৰা কাৰডোবালৈ গ'ল। সেইসময়ত এলবাৰ্টোয়ে তাৰ আওপুৰণি 'ৰচিনতে' নামৰ মটৰ চাইকেলখন ঠিক-ঠাক কৰি আছিল। যিহেতুকে এক বিলাসী যাত্ৰা কৰিবলৈ এলবাৰ্টো আৰু টেটে দুয়োৰে হাতত টকা নাছিল কাৰণ এলবাৰ্টোয়ে তেতিয়াও কোনো চাকৰি কৰা নাছিল আনহাতে টেটেয়ো তেতিয়া ছাত্ৰৱস্থাতে আছিল আকৌ বুয়েনছ আয়াৰ্ছলৈ গৈ ডন আৰ্ণেষ্টোৰো ব্যৱসায় খুব এটা ঠন ধৰি উঠা নাছিল তেনে অৱস্থাত টেটেয়ো পিতৃ ডন আৰ্ণেষ্টোৰ পৰা টকা খোজাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। গতিকে দুয়ো সেই আওপুৰণি 'ৰচিনতে' খনতে উঠি লেটিন আমেৰিকা অভিযানৰ যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। এলবাৰ্টোয়ে টেটেক অভিযানৰ যা-যোগাৰৰ সময়তে এটা উপায় দিছিল যে টেটেৰ পুৰণি প্ৰেমিকা চিনচিনাক লগ ধৰি যাত্ৰাৰ বাবে কিছু টকা ধাৰে খুজিবলৈ। কাৰণ এলবাৰ্টোয়ে জানিছিল চিনচিনা আছিল সম্ভ্ৰান্ত ঘৰৰ জীয়ৰী আৰু তাইৰ মন গলেই বহু টকা উলিয়াই দিব পাৰিছিল। কিন্তু টেটে একে উশাহে অমান্তি হৈছিল চিনচিনাক লগ ধৰিবলৈ। এলবাৰ্টোৰ বুজনিত আৰু অভিযান যাত্ৰাৰ আবেগৰ বতাহৰ কোবত তাৰ মনৰ সকলো অভিমান ধূলিস্যাৎ হৈ উৰি গৈছিল। অৱশেষত টেটে চিনচিনাক লগ ধৰিবলৈ চিনচিনাৰ ঘৰলৈ গৈছিল আৰু আগন্তুক অভিযান যাত্ৰাৰ বিষয়ে বহলাই কৈ চিনচিনাক কিছু টকা ধৰে বিচাৰিছিল আৰু চিনচিনায়ো মুহূৰ্ততে তাইৰ হাতত থকা পোন্ধৰ ডলাৰ টেটেক উলিয়াই দিছিল লগতে আগন্তক যাত্ৰাৰ বাবে শুভেচ্ছাও দিছিল। টেটেয়ো তাইক তাৰ মৰমৰ 'কমবক' নামৰ কুকুৰৰ পোৱালীটো স্মৃতি হিচাপে দি থৈ আহিছিল। উভতি আহি টেটে পূৰ্বতে নিজৰ হাতত থকা পাঁচ ডলাৰ আৰু চিনচিনাৰ পৰা পোৱা পোন্ধৰ ডলাৰ লৈয়ে আৰু লেটিন আমেৰিকা অভিযানৰ বাবে এলবাৰ্টোৰ সৈতে বস্তু-বাহানি বন্ধত লাগিছিল। লাগতিয়াল সকলো সামগ্ৰী লৈ দুয়ো এদিন বুয়েনছ আয়াৰ্ছৰ গৈছিল টেটেৰ পিতৃ-মাতৃৰ পৰা অনুমতি ল'বলৈ আৰু একেকোবে অনুমতি পাই টেটেৰ আনন্দৰ ঠিকনা নাছিল।
১৯৫১ চনৰ ডিচেম্বৰ মাহৰ ২৯ তাৰিখে সাৰথি হিচাপে সেই আওপুৰণি মটৰচাইকেলখন আৰু হাতত একেবাৰে সামান্য পইচা লৈ আৰ্ণেষ্টো টেটে গুৱেভাৰা আৰু এলবাৰ্টো গ্ৰেণেডোছ লেটিন আমেৰিকা ভ্ৰমণলৈ ওলাইছিল। পোনপ্ৰথমে দুয়ো আৰ্জেন্টিনাৰ পৰা হৈ চিলিৰ ভূমিত ভৰি দিছিল। বাটত সিহঁতৰ সমস্যাৰ আকৌ অভাৱ নাছিল। বিশেষকৈ এলবাৰ্টোৰ আওপুৰণি ৰচিনতে নামৰ মটৰচাইকেলখন দুয়োৰে বোজাহে হৈ পৰিছিল। মটৰচাইকেলখন সঘনে বেয়া হৈছিল আৰু সেইখনত উঠাতকৈ দুয়ো ঠেলিবই লগা হৈছিল বেচি। দুয়ো যি অঞ্চলেৰে গৈছিল সেই অঞ্চলৰ মানুহবোৰৰ প্ৰধান জীৱিকা আছিল গৰু-ম'হৰ পাম খোলা নাইবা ঘোঁৰাশালৰ তত্বাৱধান কৰা। গতিকে কেতিয়াবা টেটে আৰু এলবাৰ্টোয়ে কোনো ঘোঁৰাশালৰ ৰখীয়াৰ ঘৰতে ৰাতি কটাইছিল। কেতিয়াবা আকৌ কোনো বাটত এন্ধাৰ হওঁ-হওঁ অৱস্থাতে হাবিতলীয়া বা নিৰ্জন পথাৰৰ মাজতে মটৰচাইকেলখন বেয়া হৈছিল। দুয়ো বন্ধু কোনো আপত্তি নোহোৱাকৈয়ে তম্বু তৰি লৈ পথৰ দাঁতি বা গছৰ তলতে ৰাতি কটাই দিছিল। মটৰচাইকেলখনৰ লেঠা লগতে আকৌ দুয়োৰে হাতত থকা সীমিত পৰিমাণৰ টকা-পইচাও শেষ হৈছিল। তথাপি কিন্তু দুয়ো হতাশ হোৱা নাছিল বৰঞ্চ দুয়ো নিজ নিজ কৰ্মদক্ষতা প্ৰয়োগ কৰি টকা-পইচা ঘটাত লাগি গৈছিল। যিহেতু দুয়ো চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল; গতিকে দুয়োজনেই নিসংকোচে কুষ্ঠৰোগী সেৱাশ্ৰমত ৰোগীসকলৰ সেৱাত লাগি গৈছিল। তাৰ পাছত দুয়ো কেতিয়াবা খেতিয়কৰ পথাৰৰ কামত সহায় কৰি, কেতিয়াবা কাৰোবাৰ ঘৰত দিন হাজিৰা কৰি বাট খৰচ উলিয়াইছিল। এইদৰে বিভিন্ন ঠাইত বিভিন্ন কাম কৰি দুয়ো বন্ধুৱে যাত্ৰা অব্যাহত ৰাখিছিল। যাত্ৰাৰ সময়ছোৱাত বাটত হোৱা অতিপাত কষ্ট আৰু খাদ্যৰ অনিয়মৰ ফলত টেটেক হাপানীয়ে বেয়াকৈ আক্ৰমণ কৰিছিল। তথাপি টেটেয়ে মনোবল হেৰুওৱা নাছিল আৰু এয়াই এই যাত্ৰাৰ আচৰিত হ'বলগীয়া অংশ। অৱশেষত বিভিন্ন ঠাইত বিভিন্ন পৰিস্থিতিৰ বাধা নেওচি দুয়ো টেটে আৰু এলবাৰ্টো ১৯৫২ চনত ভেনিজুৱেলাত উপস্থিত হয় আৰু জুন মাহৰ ১৪ তাৰিখে কুকুটা নামৰ চহৰ এখনৰ এখন দ্বিতীয় শ্ৰেণীৰ ৰেষ্টোৰাত আৰ্ণেষ্টো টেটে গুৱেভাৰৰ ২৪ বছৰীয়া জন্মদিন পালন কৰিছিল দুয়ো। এলবাৰ্টোৱে এথোপা ফুলেৰে টেটেক জন্মদিনৰ শুভেচ্ছা জনাইছিল লগতে ৰেষ্টোৰাখনৰ মালিকে টেটেক এপেকেট দামী চিগাৰ উপহাৰ দিছিল। ইয়াৰ পূৰ্বে টেটেই মাজে-সময়ে চিগাৰ খাইছিল কিন্তু এপেকেট চিগাৰ হাতত পৰাৰ লগে লগে টেটেই ঘনে ঘনে চিগাৰ হুপিব ধৰিছিল কাৰণ চিগাৰ খালে টেটেৰ ডিঙিৰ সোপাটো কিছু মুকলি হোৱা যেন অনুভৱ হৈছিল আৰু কাঁহটো কিছু সময়ৰ বাবে বন্ধ হৈ থাকিছিল। সেইবাবেই তেতিয়াৰে পৰা টেটেৰ অনৰ্গল চিগাৰ খোৱাৰ অভ্যাস গঢ়ি উঠিছিল আৰু আমি জনা চে' গুৱেভাৰাৰ হাতত আমি চিগাৰ দেখিবলৈ পাওঁ। জুলাই মাহৰ ১৪ তাৰিখে টেটে আৰু এলবাৰ্টো ভেনেজুৱেলাৰ কাৰাকাছ চহৰত উপস্থিত হৈছিল আৰু যাত্ৰা সিমানতে সমাপ্ত বুলি ঘোষণা কৰিছিল। দুয়ো পুনৰ স্বদেশ আৰ্জেণ্টিনালৈ উভতি যোৱাৰ পৰিকল্পনাত লাগিছিল। কিন্তু ইমান দূৰ উভতি যোৱাৰ বাবে দুয়োৰে হাতত নাছিল টকা। গতিকে এলবাৰ্টোৱে কাৰাকাছতে কিছুদিন ৰৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তাতে থাকি টকা-পইচা ঘটি পাৰিলে স্বদেশলৈ ঘূৰি যাব বুলি ভাবিছিল। কিন্তু আনফালে টেটে ঘূৰি যোৱাটো বাঞ্ছনীয় আছিল, কাৰণ টেটেৰ মেডিকেল শিক্ষাৰ শেষ বৰ্ষৰ পৰীক্ষা দিবলৈ বাকী আছিল। সেই সময়ত উপায় বিচাৰি ফুৰোতে এক অভাৱনীয় সমাধান হাত লাগিছিল যে টেটেৰ পিতৃ ডন আৰ্ণেষ্টো গুৱেভাৰৰ এজন দূৰ সম্পৰ্কীয় লোকে ঘোঁৰা বেচা-কিনাৰ ব্যৱসায় কৰিছিল। আৰ্জেণ্টিনাৰ বুয়েনছ আয়াছত তেওঁ ঘোঁৰা কিনি ফ্ল'ৰিডাৰ মিয়ামি চহৰলৈ সৰবৰাহ কৰিছিল। সেই অহা-যোৱা কৰোঁতে ঘোঁৰা অনা বিমানখন কাৰাকাছত অলপ সময় ৰৈছিল আৰু পুনৰ বুয়েনছ আয়াছলৈ উভতি গৈছিল। সেই বিমানখনতে টেটেৰ যোৱাৰ বন্দোৱস্ত হৈছিল।
এনেদৰে ১৯৫২ চনৰ আগষ্ট মাহত দুই বন্ধু টেটে আৰু এলবাৰ্টোৰ এৰা এৰি হৈছিল। এলবাৰ্টো কাৰাকাছতে ৰৈ গৈছিল আৰু টেটে মেডিকেল শিক্ষাৰ শেষ পৰীক্ষা দিবলৈ বুয়েনছ আয়াছলৈ উভতি গৈছিল। টেটেই বন্ধু এলবাৰ্টোক কথা দিছিল যে পৰীক্ষা শেষ হোৱাৰ লগে লগেই আকৌ তাৰ ওচৰতৈ উভতি আহিব। কিন্তু টেটেৰ আৰু বন্ধু এলবাৰ্টোক লগ পোৱাৰ সৌভাগ্য নহ'ল কাৰণ বুয়েনছ আয়াছলৈ গৈ টেটেৰ জীৱন বিধিয়ে সলনি হৈ গৈছিল। তাৰ পাছত এলবাৰ্টোৱে পুনৰ টেটেৰ কথা ভবালৈ আৰ্ণেষ্টো টেটে গুৱেভাৰা সমগ্ৰ বিশ্বতে আৰ্ণেষ্টো চে গুৱেভাৰা নামেৰে জনাজাত হৈছিল।
প্ৰায় এটা বৰ্ষ ভাতৃপ্ৰতিম বন্ধু এলবাৰ্টোৰ সৈতে লেটিন আমেৰিকাৰ অৰ্ধাংশ ঘূৰি টেটেই উপলব্ধি কৰিছিল যে ইমানদিনে সি নিজে ভবাৰ দৰে পৃথিৱীখন নাছিল। অধিকাংশ মানুহ তাৰ দৰে মুকলি আৰু জটিলতাহীন বুলি যে ভাবিছিল সেই ভ্ৰান্ত ধাৰণাৰ পৰাও টেটে ওলাই আহিছিল। সি ভবা শান্তিৰ পৃথিৱীখনত এচাম মানুহে স্বৰ্গত বাস কৰা দি আছিল আনহাতে এচামৰ বাবে খাবলৈ, পিন্ধিবলৈ আনকি আশ্ৰয় ল'বলৈয়ো নাছিল ঠাইকণ। টেটেই ভ্ৰমণত লগ পোৱা প্ৰায় মানুহেই আছিল তেনে পৰ্যায়ৰ। সমাজৰ এক শ্ৰেণী মানুহৰ লগত হোৱা বৈষম্য দেখি ২৪ বছৰীয়া টেটেৰ মনত নানান প্ৰশ্ন উদয় হ'বলৈ ধৰিছিল আনপিনে এসময়ত অধ্যয়ন কৰা মাৰ্ক্স-লেনিনৰ কিতাপসমূহৰ সাৰমৰ্মও বুজিবলৈ সক্ষম হৈছিল। য'ত মাৰ্ক্সে কোৱা সৰ্বহাৰাৰ একনায়কত্ববাদ, লেনিনে কোৱা জাতিসত্তাৰ মুক্তি সংগ্ৰাম কিয় আৰু কেনেকৈ সম্ভৱ হ'ব আদি বিষয়বোৰ আয়ত্ব কৰিবলৈ সক্ষম হৈছিল। যিদিনাই টেটেই সৰ্বহাৰাৰ একত্ৰিকৰণৰ দ্বাৰাই যে বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠা কৰা সম্ভৱ বুলি বুজি উঠিছিল সেইদিনাই হয়তো আৰ্ণেষ্টো টেটে গুৱেভাৰা আমি জনা চে' গুৱেভাৰা হ'বলৈ উৎসাহিত হৈছিল। যি চে গুৱেভাৰাই লেটিন আমেৰিকাক আমেৰিকান সাম্ৰাজ্যবাদৰ হাতৰ পৰা মুক্ত কৰোৱাৰ সপোন দেখিছিল। সেইজন চে' গুৱেভাৰাই নিজ এক সুচল জীৱন ত্যাগ কৰি ৰুগীয়া দেহাৰে শোষিত জনগণৰ মুক্তিৰ হকে হাতত বন্দুক তুলি পৃথিৱীৰ ক্ষুদ্ৰ দেশ ‘কিউবা'ক আমেৰিকান সাম্ৰাজ্যবাদৰ পৰা মুক্ত কৰি সমাজবাদী স্বাধীন কিউবা গঢ়াত ফিডেল কাষ্ট্ৰো গেৰিলা বাহিনীৰ অন্যতম সেনাপতিৰ ভূমিকা পালন কৰিছিল।
এসময়ৰ সমগ্ৰ লেটিন আমেৰিকা বিপ্লৱৰ সপোন দেখা অৰ্ণেষ্টো চে' গুৱেভাৰাই আন্তঃৰাষ্ট্ৰীয় বিপ্লৱৰ পৰিকল্পনাটো পিছ পৰি থকা নাছিল। সেইমৰ্মে তেওঁ কিউবাৰ পিছতে লেটিন আমেৰিকাৰ অন্যতম দেশ বলিভিয়াৰ মুক্তি যুদ্ধৰ নেতৃত্ব দিছিল আৰু সাম্ৰাজ্যবাদী শক্তিৰ ৰক্ষকসকলৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল। বিধ্বস্ত যুদ্ধৰ মাজতো নিজৰ ডায়েৰীখন উলিয়াই টুকিবলৈ নাপাহৰা চে' গুৱেভাৰাই অৱশেষত ১৯৬৭ চনৰ ৮ অক্টোবৰত বলিভিয়ান সাম্ৰাজ্যবাদী সৈন্যৰ হাতত বন্দী হৈছিল আৰু মৃত্যুৰ শেষ মুহূৰ্তলৈ আত্মসমৰ্পণ নকৰা মেজৰ আৰ্ণেষ্টো চে' গুৱেভাৰা ১৯৬৭ চনৰ ৯ অক্টোবৰত বলিভিয়ান সাম্ৰাজ্যবাদীৰ বন্দুকৰ গুলীত নিহত হৈছিল। কিন্তু আজিও অদম্য সাহসী, দুৰ্দান্ত ধৈৰ্যশীল ৰণকৌশলী তথা গেৰিলা সৈনিক চে' গুৱেভাৰাৰ আদৰ্শই সৰ্বহাৰাক একত্ৰিত হ'বলৈ উৎসাহ যোগাই আহিছে।
মাধুৰ্য ভূঞা
নাৰেংগী আঞ্চলিক কলেজ, গুৱাহাটী
ফোনঃ ৯৯৫৪৪-৭৬০৯১
আপোনাৰ লেখাটো পঢ়ি ভাল লাগিল। "বিপ্লৱৰ মৃত্যু নহয়"
ReplyDeleteHLVS ✊
ধন্যবাদ!
Delete